চিটাৰা ডেস্ক, 6 ছেপ্টেম্বৰ: শ্বাহৰুখ খানৰ ছবি জৱান মুক্তিৰ এদিন পূৰ্বেই লাগিল কেনা ৷ টুইটাৰত ট্ৰেণ্ডিং আৰম্ভ হৈছে বয়কট অৱ জৱানৰ হেচটেগ। বহুতে টুইট কৰি জৱান ছবিখন বৰ্জন কৰিবলৈ অনুৰোধ জনাইছে। ইয়াৰ পূৰ্বে শ্বাহৰুখ খানৰ পাঠানৰ বিৰুদ্ধেও একেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল । কিন্তু যেতিয়া ছবিখন মুক্তি লাভ কৰিছিল তেতিয়া হিন্দী চিনেমাৰ সকলো অভিলেখ ভংগ কৰিছিল পাঠানে ।
কাইলৈ অৰ্থাৎ ৭ ছেপ্টেম্বৰত দেশ আৰু বিশ্বৰ সকলো ডাঙৰ পৰ্দাত মুকলি হ’ব জৱান । কিন্তু মুক্তিৰ এদিন পূৰ্বেই টুইটাৰত আৰম্ভ হৈছে প্ৰতিবাদ আৰু বৰ্জনৰ ট্ৰেণ্ড। বিভিন্ন কাৰণত বিভিন্নজনে শ্বাহৰুখৰ ছবিখন বৰ্জনৰ কথা কৈছে। কিন্তু এই ধাৰাবোৰে ছবিখনত কিমান প্ৰভাৱ পেলাব, সেয়া কোৱা টান ৷ কাৰণ আমি যদি এডভান্স বুকিং চাওঁ তেন্তে জৱানক লৈ ৰাইজৰ মাজত যথেষ্ট উন্মাদনা দেখা গৈছে । খবৰ অনুসৰি ছবিখনৰ ১০ লাখ টিকট আগতীয়াকৈ বিক্ৰী হৈছে ।
বয়কটৰ ট্ৰেণ্ড আৰম্ভ হৈছে এক্সত
টুইটাৰত ট্ৰেণ্ড কৰিছে বয়কট জৱান মুভি নামৰ হেচটেগটো । এই হেচটেগ ব্যৱহাৰ কৰি এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে, “আমাৰ মন্দিৰবোৰ আপোনাৰ প্ৰচাৰৰ বাবে ষ্টুডিঅ’ নহয় । ছবি মুক্তিৰ পূৰ্বে হিন্দু মন্দিৰবোৰলৈ মনত নপৰে ? এই আজে বাজে কাম বন্ধ কৰক ।’’