চিটাৰা ডেস্ক, 17 আগষ্ট: বলীউডৰ ‘বাদশ্বাহ’ শ্বাহৰুখ খানৰ অভিনীত ছবি ‘ৰইছ’ত মুখ্য চৰিত্ৰত অভিনয় কৰা পাকিস্তানী অভিনেত্ৰী মাহিৰা খানক লৈ এটা ভাল খবৰ আহিছে। অতি শীঘ্ৰেই বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ আছে অভিনেত্ৰীগৰাকী ৷ ৰইছ ছবিৰ পিচত মাহিৰা খানৰ নাম বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰৰ সৈতে জড়িত হৈ পৰিছিল । মাহিৰা খানৰ ৰণবীৰ কাপুৰৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আৰু নিশাটোৰ ভিতৰতে চৰ্চাৰ বিষয় হৈ পৰে মাহিৰা খান । অৱশ্যে সেয়া সঁচা আছিল নে উৰাবাতৰি আছিল এই ক্ষেত্ৰত মাহিৰাই কোনোদিন প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷ কিন্তু এতিয়া অভিনেত্ৰীগৰাকীৰ বিষয়ে খবৰ পোৱা গৈছে যে অতি সোনকালে প্ৰেমিকৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব মাহিৰা ৷
উল্লেখ্য যে, এইগৰাকী পাকিস্তানী অভিনেত্ৰীৰ এয়া হ’ব দ্বিতীয় বিবাহ ৷ হয়, ৩৮ বছৰীয়া অভিনেত্ৰী মাহিৰা খানে নিজৰ দীৰ্ঘদিনীয়া প্ৰেমিক চেলিম কৰিমৰ স’তে বিবাহপাশত আৱদ্ধ হ’ব ৷ ২০০৭ চনত পাকিস্তানী অভিনেতা তথা পৰিচালক আলী আকছাৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল মাহিৰা ৷ কিন্তু ২০১৫ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়। এতিয়া মাহিৰাৰ জীৱনত আকৌ এবাৰ ঘূৰি আহিছে বসন্ত ।
মাহিৰা খানৰ দৰা কোন ?