চিটাৰা ডেস্ক, 1 নৱেম্বৰ :ফিফা ফুটবল বিশ্বকাপ 2022 এইবাৰ মধ্যপ্ৰাচ্যৰ দেশ কাটাৰত অনুষ্ঠিত হ’ব । ফিফা ফুটবল বিশ্বকাপৰ সৈতে জড়িত ৰণবীৰ সিঙৰ অনুৰাগীসকলৰ বাবে এক সুখবৰ । দৰাচলতে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ফিফা বিশ্বকাপৰ ফাইনেলত অংশগ্ৰহণ আৰু দেশক প্ৰতিনিধিত্ব কৰিবলৈ ভাৰতৰ পৰা ‘Gully boy’ অভিনেতা ৰণবীৰ সিঙক আমন্ত্ৰণ জনোৱা হৈছে । 18 ডিচেম্বৰত কাটাৰলৈ উৰা মাৰিব ৰণবীৰ সিং । 20 নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ফিফা বিশ্বকাপ ।
এই ভাল খবৰটো বিয়পি পৰাৰ লগে লগে ৰণবীৰ সিঙৰ অনুৰাগীসকলৰ মাজত যথেষ্ট উত্তেজনা দেখিবলৈ পোৱা গৈছে । শেহতীয়াকৈ ৰণবীৰ সিঙক এটা ডাঙৰ কোম্পানীৰ বাবে প্ৰচাৰ চলোৱা দেখা গৈছিল । ইয়াৰ পূৰ্বে আবুধাবিত অনুষ্ঠিত হোৱা এনবিএ খেলতো দেখা গৈছিল ৰণবীৰক, য’ত তেওঁ বাস্কেটবলৰ খেলুৱৈ অ’ নীল আৰু ভিন্স কাৰ্টাৰক লগ পাইছিল ।
কেৱল এয়াই নহয়, পূৰ্বতে অমিতাভ বচ্চন, শ্বাহৰুখ খান আৰু আমীৰ খানৰ দৰে কিংবদন্তী ভাৰতীয় আইকনসকলে লাভ কৰা সন্মানীয় মাৰাকেশ চলচ্চিত্ৰ মহোৎসৱত ৰণবীৰ সিঙকো এটইল ডি'অৰ বঁটাৰে সন্মানিত কৰা হ'ব ।