চিটাৰা ডেস্ক, 31 মে’: ভাৰতীয় ছবিৰ অন্যতম জনপ্ৰিয় অভিনেতা নাছিৰুদ্দিন শ্বাহ । শেহতীয়াকৈ অভিনেতাগৰাকীয়ে ‘দ্য কেৰালা ষ্ট’ৰী’ৰ সফলতাক লৈ নিজৰ মতামত ব্যক্ত কৰিছে । এইখিনিতে উল্লেখ কৰিব লাগিব যে আদা শৰ্মাৰ অভিনীত ছবিখনে ২০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে (The Kerala Story)।
নাছিৰুদ্দিন শ্বাহে সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত ‘দ্য কেৰালা ষ্ট’ৰী’ৰ সফলতাৰ বিষয়ে কয় (Naseeruddin Shah trashes The Kerala Story)। অভিনেতাগৰাকীয়ে কয়, ‘ভিৰ, অফৱাস, ফৰাজ, তিনিওটা অৰ্থপূৰ্ণ ছবি ধৰাসায়ী হৈ পৰিছে । কোনেও এইকেইখন অৰ্থপূৰ্ণ ছবি চাবলৈ যোৱা নাই, কিন্তু ‘দ্য কেৰালা ষ্ট’ৰী’ চাবলৈ আহিছে, যিটো মই দেখা নাই । যদিও মোৰ এই ছবিখন চোৱাৰ উদ্দেশ্য নাই কাৰণ মই ইয়াৰ বিষয়ে বহুত পঢ়িছো ।’ অভিনেতাজনে ইয়াক ‘বিপজ্জনক ট্ৰেণ্ড’ বুলি অভিহিত কৰে ।
নাছিৰুদ্দিনে এনে ট্ৰেণ্ডক নাজী জাৰ্মানীৰ লগত তুলনা কৰে । অভিনেতাগৰাকীয়ে লগতে কয়, ‘এফালে ই এক বিপদজনক ট্ৰেণ্ড, য’ত কোনো সন্দেহ নাই । দেখাত আমি নাজী জাৰ্মানীৰ ফালে আগবাঢ়িছো য’ত হিটলাৰৰ সময়ত চলচ্চিত্ৰ নিৰ্মাতাসকলক ডাঙৰ নেতাজনে সহযোগিতা কৰিছিল (Naseeruddin Shah calls The Kerala Story propaganda)। জাৰ্মানীৰ বহু মাষ্টাৰ ফিল্ম নিৰ্মাতাই নিজৰ ঠাই এৰি হলিউডলৈ আহে আৰু হলীউডতেই ছবি নিৰ্মাণ কৰিছিল । ইয়াতো একেধৰণৰ কিবা এটা ঘটি আছে । হয়, সোঁফালে হওক, নিৰপেক্ষ হওক বা ক্ষমতা সমৰ্থক হওক ।’
নাছিৰুদ্দিন শ্বাহে আশা প্ৰকাশ কৰি কয় যে পিচলৈ কথাবোৰ ভাল দিশলৈ সলনি হ’ব (Naseeruddin Shah on The Kerala Story) । তেওঁ লগতে কয়, ‘কিন্তু আনফালে এই ঘৃণাৰ পৰিৱেশটো ক্লান্তিকৰ হৈ পৰিব বুলি আশা কৰিছোঁ । কিমান দিনলৈ ঘৃণা বিয়পাই থাকিব ? মই ভাবো আৰু আশা কৰোঁ যে ই আমাৰ সকলোকে হঠাতে যিদৰে ধৰি ৰাখিছে, ইও নোহোৱা হৈ যাব । কিন্তু ইমান সোনকালে নহয় ।’
লগতে পঢ়ক:Kamal Haasan on The Kerala Story: দ্য কেৰালা ষ্ট’ৰী ছবিখনকলৈ কমল হাছানৰ ডাঙৰ মন্তব্য