অসম

assam

Hema Malini: হেমা মালিনীৰ জন্মদিনৰ পাৰ্টিত তাৰকাৰ সমাৱেশ

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 4:46 PM IST

চলচ্চিত্ৰ জগতৰ বহু তাৰকাৰ সৈতে হেমা মালিনীয়ে উদযাপন কৰে নিজৰ ৭৫ সংখ্যক জন্মদিন । ৰেখা, জুহি চাওলা, মাধুৰী দীক্ষিতকে ধৰি বহু তাৰকাই তেওঁৰ জন্মদিনৰ পাৰ্টিত অংশগ্ৰহণ কৰে । এতিয়া পাৰ্টিৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

Hema Malini 75th birthday bash; Rekha's dance video go viral
হেমা মালিনীৰ জন্মদিনৰ পাৰ্টি

চিটাৰা ডেস্ক, 17 অক্টোবৰ: বলীউডৰ ড্ৰিম গাৰ্ল হেমা মালিনী প্ৰায়ে কিবা নহয় কিবা কাৰণত সংবাদ মাধ্যমৰ শিৰোনামত থাকে । বৰ্তমান প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ জন্মদিনৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে ৷ ১৬ অক্টোবৰত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ৭৫ সংখ্যক জন্মদিন উদযাপন কৰিছে । এই বিশেষ দিনটোত অভিনেত্ৰীগৰাকীয়ে আয়োজন কৰিছিল পাৰ্টিৰ ৷ য’ত উপস্থিত হৈছিল বলীউড জগতখনৰ বহু তাৰকা ।

চলচ্চিত্ৰ জগতৰ বহু তাৰকাই অভিনেত্ৰীগৰাকীৰ জন্মদিনৰ পাৰ্টিত উপস্থিত হৈ তেওঁৰ দিনটো আৰু অধিক বিশেষ কৰি তুলিছিল । এতিয়া ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে পাৰ্টিৰ বহু ভিডিঅ’, য’ত ৰেখাৰ সৈতে দেখা গৈছে বহু জনপ্ৰিয় তাৰকাক । এই পাৰ্টিত কোন কোন তাৰকা উপস্থিত আছিল জানি লওক এই প্ৰতিবেদনত ৷

কন্যা দুগৰাকীৰ সৈতে কাটিলে কেক

এটা ভিডিঅ’ প্ৰকাশ পাইছে, য’ত হেমা মালিনীয়ে নিজৰ দুগৰাকী কন্যা (ইশা আৰু আহানা)ৰ সৈতে কেক কাটি থকা দেখা গৈছে । ভিডিঅ’টোত দেখা গৈছে যে তেওঁলোকৰ পাৰ্টিৰ স্থান অতি সুন্দৰকৈ সজাই পৰাই তোলা হৈছে । পাৰ্টিৰ থিম আছিল “Celebrating...The Dream Girl ৷”

পাৰ্টিত অংশগ্ৰহণ কৰিছিল এইসকল তাৰকাই

হেমা মালিনীৰ জন্মদিনৰ পাৰ্টিত জুহি চাওলা, ৰেখা, ৰাণী মুখাৰ্জী, জেকী শ্ৰফ, মাধুৰী দীক্ষিত, ডাঃ ৰাম নেনে, শমিতা শেট্টী, জেকী শ্ৰফ, শিল্পা শ্বেট্টীকে ধৰি বহু তাৰকাই অংশগ্ৰহণ কৰে । এই সকল তাৰকাই একেলগে হেমা মালিনীৰ জন্মদিনটো আৰু অধিক স্মৰণীয় কৰি তোলে ।

এতিয়া এই সকলো তাৰকাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । অনুৰাগীয়ে এই ভিডিঅ’সমূহ লাইক কৰাৰ লগতে অভিনেত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জনাইছে । অৱশ্যে এই পাৰ্টিত ছানী দেওল আৰু ববী দেওলক দেখা নগ’ল ।

হেমা মালিনীয়ে কেনেকৈ পালে ড্ৰিম গাৰ্লৰ টেগ ?

১৯৬৮ চনত মুক্তি পোৱা ‘সপনো কা সৌদাগৰ’ ছবিৰ জৰিয়তে হেমা মালিনীয়ে বলীউডত আত্মপ্ৰকাশ কৰিছিল । এই ছবিখনত তেওঁক ৰাজ কাপুৰৰ সৈতে দেখা গৈছিল । ইয়াৰ পিচত তেওঁ বহুতো হিট ছবিত অভিনয় কৰিছিল ৷ তাৰ পিচত ১৯৭৭ চনত তেওঁৰ ড্ৰিম গাৰ্ল নামৰ এখন ছবি মুকলি হৈছিল, য’ত তেওঁক ধৰ্মেন্দ্ৰৰ সৈতে দেখা গৈছিল । এই ছবিখনৰ পৰাই হেমা মালিনীয়ে ড্ৰিম গাৰ্ল হিচাপে জনপ্ৰিয় হৈ পৰে ৷

লগতে পঢ়ক:Hema Malini 75th B'Day: 'ড্ৰিম গাৰ্ল'ৰ পৰা 'বসন্তি'লৈকে এইসমূহ আইকনিক চৰিত্ৰৰ বাবে জনপ্ৰিয় হেমা মালিনী

ABOUT THE AUTHOR

...view details