চিটাৰা ডেস্ক, 26 এপ্ৰিল: দক্ষিণ কোৰিয়াৰ এটা সাতজনীয়া বয় বেণ্ড অৰ্থাৎ বিটিএছ বৰ্তমান কেৱল দক্ষিণ কোৰিয়াতে নহয় বহু ৰাষ্ট্ৰত জনপ্ৰিয় ৷ সাতজনীয়া বয় বেণ্ডৰ ভিতৰত আছে, কণ্ঠশিল্পী জিন, মুখ্য ৰেপাৰ চুগা, মূল নৃত্যশিল্পী তথা ৰেপাৰ জে-হোপ, মূল ৰেপাৰ আৰ এম, মূল নৃত্যশিল্পী, মূল কণ্ঠশিল্পী জিমিন, কণ্ঠশিল্পী ভি আৰু মুখ্য নৃত্যশিল্পী তথা মুখ্য গায়ক জংকুক ৷ বহু দেশত আছে বিটিএছৰ অনুৰাগী ৷ কিন্তু এই অনুৰাগীসমূহৰ ভিতৰত কিছুমান এনে অনুৰাগীও আছে যিয়ে বিটিএছৰ বাবে যি কোনো কাম কৰিব পাৰিব (Canadian actor Saint Von Colucci) ৷
শেহতীয়াকৈ তেনে এক ঘটনাই সংঘটিত হ’ল এগৰাকী অভিনেতাৰ ক্ষেত্ৰত ৷ বিটিএছৰ কণ্ঠশিল্পী জিমিনৰ দৰে দেখাবলৈ প্লাষ্টিক চাৰ্জাৰী কৰি মৃত্যুক সাবটি লয় কানাডাৰ অভিনেতা চেণ্ট ভন কলুচি ৷ প্লাষ্টিক চাৰ্জাৰী বাবেই মাত্ৰ ২২ বছৰ বয়সতে পৃথিৱীৰ পৰা বিদায় ল’বলগীয়া অভিনেতাগৰাকী । কলুচিয়ে নিজকে জিমিনৰ দৰে দেখাবলৈ ১২টা অস্ত্ৰোপচাৰ কৰিছিল ৷ কিন্তু অস্ত্ৰোপচাৰেই কাল হ’ল অভিনেতাগৰাকীৰ বাবে (Saint Von Colucci Dies) ৷
কলুচিয়ে কৰিছিল বহুকেইটা অস্ত্ৰোপচাৰ
তথ্য অনুসৰি কলুচিয়ে জনপ্ৰিয় বিটিএছ কণ্ঠশিল্পী জিমিন (Park Ji min)ৰ দৰে দেখাবলৈ প্ৰায় ১২টা প্ৰসাধন অস্ত্ৰোপচাৰ কৰিছিল ৷ কিন্তু প্ৰসাধন পদ্ধতিৰ জটিলতাত আক্ৰান্ত হৈ চিকিৎসালয়তে মৃত্যু হয় । অভিনেতাজনৰ থুথৰিৰ পৰা নাক, ভ্ৰু, ওঁঠ আৰু মুখলৈকে অস্ত্ৰোপচাৰ কৰা হয় (Canadian Actor Saint Von Colucci Dies)।