অসম

assam

ETV Bharat / elections

কলগাছিয়াত এ.আই.ইউ.ডি.এফ.ৰ মূখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন

কলগাছিয়াত ধিঙৰ বিধায়ক আমিনুল ইছলামে এ.আই.ইউ.ডি.এফ.ৰ মূখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে

এ.আই.ইউ.ডি.এফ.ৰ মূখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন

By

Published : Apr 10, 2019, 11:52 AM IST

বৰপেটা, ১০ এপ্ৰিলঃ "অসমৰ জাতিক লৈ কোনো কাজিয়া নচলিব"-এই মন্তব্য ধিঙৰ বিধায়ক আমিনুল ইছলামৰ । মঙলবাৰে কলগাছিয়াত অনুষ্ঠিত হোৱা এ.আই.ডি.এফ.ৰ মূখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত ধিঙৰ বিধায়ক আমিনুল ইছলাম উপস্থিত হৈ বিশ্বনাথত সংঘটিত হোৱা অমানৱীয় ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি ১২ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ দাবী কৰে । লগতে, যদি এই ঘটনাৰ লগত জড়িত ব্যক্তিক কৰায়ত্ত কৰিব নোৱাৰে তেন্তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক গৃহমন্ত্ৰী পদৰ পৰাও পদত্যাগ কৰিবলৈও দাবী জনাই। ইছলামে অসমত কোনো গো-গাহৰিক লৈ কাজিয়া নচলিব বুলি মত প্ৰকাশ কৰি কয় অসমত হিন্দু-মুছলিমৰ ঐক্যবদ্ধ সম্পৰ্ক আছে ।

এ.আই.ইউ.ডি.এফ.ৰ মূখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন

উল্লেখযোগ্য যে কলগাছিয়াত অনুষ্ঠিত হোৱা নিৰ্বাচনী কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত আমিনুলে মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰে । আমিনুলে কয় যে চৰকাৰে দুখীয়া শ্ৰেণীৰ বাবে অন্ন-বস্ত্ৰ-বাসস্থানৰ সুবিধা কৰিব পৰা নাই । আনহাতে, অসমৰ নিৱনুৱা সমস্যা সমাধান কৰিব নোৱাৰা চৰকাৰে বিদেশৰ পৰা বাংলাদেশী আনি সমস্যা বৃদ্ধি কৰিবলৈ ওলাইছে বুলিহে উল্লেখ কৰে ।

ABOUT THE AUTHOR

...view details