তিনিচুকীয়া, ৭ জুন : শুকুৰবাৰে প্ৰদান কৰা হ'ল ৰাজ্য কঁপাই তোলা লালিমা দেৱী হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান । যোৰহাট আদালতৰ পৰা তিনিচুকীয়া সত্ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰ আদালতলৈ গোচৰটো স্থানান্তৰিত কৰাৰ পাছতে শেষ ৰায়দান কৰা হয় । মূল অভিযুক্ত বিকাশ দাসক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে উপযুক্ত সাক্ষ্য প্ৰমাণ দিয়াৰ বাবে বিপিন পাণ্ডেক গোচৰটোৰ পৰা দুখমুক্ত ঘোষণা কৰা হয় । দুৰ্ভগীয়া লালিমা দেৱীৰ পৰিয়ালে এটা বছৰৰ অন্তত অপৰাধীয়ে শাস্তি লাভ কৰাত আনন্দিত হৈ পৰিছে ।
ৰাজ্য কঁপোৱা লালিমা দেৱী হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান
ৰাজ্য কঁপাই তোলা লালিমা দেৱী হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান প্ৰদান কৰিলে তিনিচুকীয়া সত্ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰ আদালতে । মূল অভিযুক্ত বিকাশ দাসক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে উপযুক্ত সাক্ষ্য প্ৰমাণ দিয়াৰ বাবে বিপিন পাণ্ডেক গোচৰটোৰ পৰা দুখমুক্ত ঘোষণা কৰা হয়
তিনিচুকীয়া জিলা ও সত্ৰ ন্যায়াধীশৰ আদালত
উল্লেখ্য যে, ২০১৮ চনৰ ১১ জুলাইত অবধ আসাম এক্সপ্ৰেছত চলন্ত ৰেলত ধৰ্ষণ কৰি হত্যা কৰা হৈছিল লালিমা দেবীক আৰু তাৰ পাছতে মৰিয়নিত উদ্ধাৰ হৈছিল তেওঁৰ মৃতদেহ । সমগ্ৰ ৰাজ্যতে কঁপনি তোলা এই ঘটনাৰ পাছতে আৰক্ষীয়ে যুদ্ধকালীন তৎপৰতাৰে বিকাশ দাস আৰু বিপিন পাণ্ডে নামৰ অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰিছিল ।