অসম

assam

ETV Bharat / city

তিনিচুকীয়াত গছৰ পৰা জপিয়াই আত্মহত্যা মানসিক বিকাৰগ্ৰস্ত মহিলাৰ

বৃহস্পতিবাৰে পুৱা মাকুম জ্যোতি নগৰৰ এজন ব্যক্তিৰ বাৰীৰ কঁঠাল গছত এগৰাকী মহিলা উঠি থকা প্ৰত্যক্ষ কৰে ঘৰৰ গৃহস্থই । গছৰ পৰা নামি আহিবলৈ বাৰে বাৰে অনুৰোধ কৰে যদিও অৱশেষত গছৰ পৰা জপিয়াই আত্মহত্যা কৰে মহিলা গৰাকীয়ে

By

Published : May 30, 2019, 10:18 PM IST

তিনিচুকীয়াত গছৰ পৰা জপিয়াই আত্মহত্যা মানসিক বিকাৰগ্ৰস্ত মহিলাৰ

তিনিচুকীয়া,৩০মে': তিনিচুকীয়াৰ মাকুমত চাঞ্চল্যকৰ ঘটনা ৷ গছৰ ওপৰৰ পৰা জপিয়াই আত্মহত্যা এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলাৰ ৷ ঘটনাৰ বিৱৰণী অনুসৰি,বৃহস্পতিবাৰে পুৱা মাকুম জ্যোতি নগৰৰ এজন ব্যক্তিৰ বাৰীৰ কঁঠাল গছত এগৰাকী মহিলা উঠি থকা প্ৰত্যক্ষ কৰে ঘৰৰ গৃহস্থই। গছৰ পৰা নামি আহিবলৈ বাৰে বাৰে অনুৰোধ কৰে যদিও অৱশেষত গছৰ পৰা জপিয়াই আত্মহত্যা কৰে মহিলা গৰাকীয়ে ৷

তিনিচুকীয়াত গছৰ পৰা জপিয়াই আত্মহত্যা মানসিক বিকাৰগ্ৰস্ত মহিলাৰ

কেমেৰাত বন্দী হ'ল মহিলাগৰাকীয়ে গছৰ পৰা জপিওৱাৰ সেই ভয়‌ংকৰ দৃশ্য। ঘটনাস্থলীত মাকুম আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও মানসিক বিকাৰগ্ৰস্ত মহিলা গৰাকীৰ পৰিচয় লাভ কৰা নাই ৷ ইতিমধ্যে স্থানীয় আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মহিলাগৰাকীৰ মৃতদেহ ৷

ABOUT THE AUTHOR

...view details