তেজপুৰ, ২২ নৱেম্বৰ :নাগৰিকত্ব সংশোধনী আইন চমুকৈ "কা" বিৰোধী আন্দোলন এক নাটক আছিল । "কা" বিৰোধী আন্দোলনত নাটক কৰি বিজেপিত যোগদান কৰিছিল আন্দোলনকাৰীসকলে ৷ এই মন্তব্য বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ ৷
তেজপুৰত অনুষ্ঠিত হ'বলগীয়া বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহ সভাৰ এক প্ৰস্তুতি সভাত অংশগ্ৰহণৰ বাবে সোমবাৰে তেজপুৰত উপস্থিত হয় আঙুৰলতা ডেকা ৷ তেওঁ সভাখনত অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ আগত এইদৰে "কা" বিৰোধী আন্দোলনকাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷