অসম

assam

ETV Bharat / city

তেজপুৰে নিৰ্মান হ'ব আন্তঃৰাজ্যিক বাছ টাৰ্মিনাছ

সৰ্বমুঠ ২৮.৫ কোটি টকা ব্যয়েৰে অসম চৰকাৰে তেজপুৰত নিৰ্মাণ কৰিব ৰাজ্যৰ দ্বিতীয়টো আন্তঃৰাজ্যিক বাছ টাৰ্মিনেল ।

তেজপুৰ আন্তঃৰাজ্যিক বাছ টাৰ্মিনেল

By

Published : Mar 2, 2019, 11:08 PM IST

তেজপুৰ, ২ মাৰ্চঃ গুৱাহাটীৰ পাচতেই এতিয়া তেজপুৰটো স্থাপন হ'ব আন্তঃৰাষ্ট্ৰীয় মাণদণ্ডৰ বাছ টাৰ্মিনাছ । শনিবাৰে তেজপুৰত অসমৰ দ্বিতীয়টো আন্তঃৰাজ্যিক বাছ টাৰ্মিনেলৰ আধাৰশীলা স্থাপন কৰে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

তেজপুৰৰ মাজগাঁওস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৱৰ্কশ্বপৰ মুঠ ১৫ বিঘা মাটিত নিৰ্মাণ হ'বলগীয়া বাছ আস্থানটোৰ আধাৰশীলা স্থাপন কৰে পৰিবহণ মন্ত্ৰীগৰাকীয়ে । আধাৰশীলা স্থাপন অনুষ্ঠানৰ পাচতে এক ৰাজহুৱা সভাৰ জৰিয়তে বাছ আস্থানটোৰ বিষয়ে ৰাইজক অৱগত কৰায় পৰিবহণ মন্ত্ৰীগৰাকীয়ে ।

সৰ্বমুঠ ২৮.৫ কোটি টকা ব্যয়েৰে অসম চৰকাৰে নিৰ্মাণ কৰিব উক্ত বাছ আস্থানটো । আনহাতে আধাৰশীলা স্থাপন অনুষ্ঠানৰ মাজতে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে সম্পূৰ্ণ প্ৰকল্পটোৰ আৰ্হি ৰাইজৰ আগত দাঙি ধৰে ।

তেজপুৰ আন্তঃৰাজ্যিক বাছ টাৰ্মিনেল
গুৱাহাটীৰ গড়চুকৰ পিচতেই তেজপুৰত নিৰ্মাণ হ'বলগীয়া এইটো হ'ব অসমৰ দ্বিতীয়টো পূৰ্ণ পৰ্যায়ৰ আন্তঃৰাজ্যিক বাছ আস্থান । উল্লেখ্য যে, তেজপুৰৰ পৰা অৰুণাচল, নাগালেণ্ড আদি ৰাজ্যসমূহলৈ দূৰনিবটীয়া বাছ যাত্ৰা বহুদিনৰ পৰাই চলি আহিছে । নতুনকৈ নিৰ্মাণ হ'বলগীয়া বাছ আস্থানটোৱে দূৰনিবটীয়া যাতায়তৰ ক্ষেত্ৰত ৰাইজে সন্মুখীন হৈ অহা সমস্যাসমূহ দুৰ কৰিবলৈ সক্ষম হ'ব বুলি প্ৰকাশ কৰে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

ABOUT THE AUTHOR

...view details