অসম

assam

ETV Bharat / city

সংকটত শিৱসাগৰৰ ঐতিহাসিক জয়সাগৰ পুখুৰী

যিকোনো মূহুৰ্ততে ভাগি পৰিব পাৰে জয়সাগৰ পুখুৰীৰ পাৰ ৷ পৰিস্থিতিৰ বুজ ল’লে জিলা উপায়ুক্ত বিষ্ণু কমল বৰা ৷ পুখুৰীটোৰ দক্ষিণ পাৰ অনতিপলমে মেৰামতিৰ আশ্বাস জিলা উপায়ুক্তগৰাকীৰ ৷

south bank of jaysagar pond in critical situation
সংকটত শিৱসাগৰৰ জয়সাগৰ পুখুৰী

By

Published : Jun 10, 2021, 6:07 PM IST

শিৱসাগৰ, 10 জুন : শিৱসাগৰ জিলাৰ ইতিহাস প্ৰসিদ্ধ জয়সাগৰ পুখুৰীৰ দক্ষিণ পাৰৰ এটা অংশ অতি জৰাজীৰ্ণ হৈ পৰিছে ৷ যিকোনো মূহুৰ্ততে খহি পৰিব পাৰে এই দক্ষিণ পাৰৰ অংশ ৷ যি ঘটনাই এতিয়া ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

উল্লেখ্য যে আহোম ৰাজশাসনতেই স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃ জয়মতীৰ সোঁৱৰণীত এই বিশালকায় পুখুৰীটো খন্দোৱাইছিল ৷ পুৰাতত্ব বিভাগৰ অধীনস্থ পুখুৰীটোৰ সংৰক্ষণ, সংবৰ্ধনৰ ক্ষেত্ৰত বিভাগটোৰ অকৰ্মণ্যতাৰ বাবে পুখুৰীটোৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰিছে ৷ ইতিহাস প্ৰসিদ্ধ পুখুৰীটোক লৈ বিভাগটোৰ নিৰৱ ভূমিকাৰ বাবেই সম্প্ৰতি প্ৰৱল বৰষুণৰ ফলত পুখুৰীটোৰ দক্ষিণপাৰৰ এই অংশটো ফোঁপোলা হৈ পৰাৰ লগতে তলেদি পানী বিৰিঙিবলৈ আৰম্ভ কৰিছে ৷

অতি জৰাজীৰ্ণ হৈ পৰা অংশটোৰ ওপৰেদি কোনো গধূৰ যান বাহণ অতিক্ৰম কৰে অথবা পুনৰ তীব্ৰ বৰষুণৰ আৰম্ভণি হয় তেন্তে নিশাৰ ভিতৰতেই পুখুৰীৰ পাৰ ভাঙি পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ স্মৰ্তব্য যে আজিৰ পৰা এটা দশকৰ পুৰ্বে পুখুৰীটোৰ দক্ষিণপাৰৰ এটা অংশ ভাঙি পৰাৰ ফলত পুখুৰীটোৰ বৃহৎ জলৰাশি বাহিৰলৈ ওলাই পৰাৰ লগতে পুখুৰীটোত থকা মাছ, কাছ বাহিৰলৈ ওলাই গৈছিল ৷

সেই সময়ত সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এই ঘটনাৰ পিছতেই চৰকাৰ, প্ৰশাসন, পুৰাতত্ব বিভাগে যুদ্ধকালিন তৎপৰতাৰে পাৰটো মেৰামতি কৰিছিল যদিও আশে পাশে থকা আন জৰাজীৰ্ণ অংশ সমূহ মেৰামতি কৰাৰ কোনো ব্যৱস্থা নকৰিলে ৷ যাৰ বাবে বিভাগীয় অনিহাৰ বাবেই যিকোনো মূহুৰ্ততে ঐতিহাসিক পুখুৰীটোৰ এই অংশটো ভাঙি পৰাৰ আশংকা স্পষ্ট হৈ পৰিছে । শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই পুখুৰীৰ পাৰ পৰিদৰ্শন কৰি অনতিপলমে মেৰামতিৰ আশ্বাস দিয়ে ।

লগতে পঢ়ক :স্বৰাজোত্তৰ কালৰ উন্নয়নৰ বিপৰীত ছবি কঢ়িওৱা এখন গাঁও

ABOUT THE AUTHOR

...view details