অসম

assam

কলিয়াবৰত বিজয়া দশমীৰ দিনাই বিধ্বংসী অগ্নিকাণ্ড

By

Published : Oct 9, 2019, 9:40 AM IST

কলিয়াবৰৰ মিছা ভূঞাপট্টিত বিধ্বংসী অগ্নিকাণ্ড ৷ কথমপি প্ৰাণৰক্ষা পৰিয়ালৰ ৷ এই অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ নথি-পত্ৰৰ  লগতে লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় ।

কলিয়াবৰত ভষ্মীভূত ঘৰটো

নগাঁও, 9 অক্টোবৰ : বিজয়া দশমীৰ দিনাই কলিয়াবৰৰ মিছা ভূঞাপট্টিত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে ৷ দুৰ্গা পূজাৰ হৰ্ষোল্লাসৰ মাজতে মঙ্গলবাৰে নিশা প্ৰায় ১০ বজাত মিছা পানী যোগান আঁচনিৰ কৰ্মচাৰী অৰুণ দাসৰ বাসগৃহত আকস্মিকভাবে স্থানীয় ৰাইজে দপদপাই জুই জ্বলা প্ৰত্যক্ষ কৰে ৷ লগে লগে সমগ্ৰ গাঁওখনতে এই খবৰ বিয়পি পৰি এক আতংকময় পৰিবেশৰ সৃষ্টি হয় । এই অগ্নিকাণ্ডত এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুইৰ উত্তাপ যথেষ্ট বৃদ্ধি পোৱাৰ লগতে সমগ্ৰ ঘৰখনতে জুইয়ে তৎমূহুৰ্ততে আগুৰি ধৰাত ঘৰটোৰ ভিতৰভাগ সম্পূৰ্ণৰূপে ভষ্মীভূত হৈ পৰে ।

কলিয়াবৰত অগ্নিকাণ্ডৰ ঘটনা

আনহাতে, অগ্নিকাণ্ডৰ খবৰ পোৱা মাত্ৰকে অগ্নিনিৰ্বাপন বাহিনী, আমবাগান অগ্নিনির্বাপন বাহিনী সেৱা, আৰু সোণাৰী বালি অগ্নিনির্বাপন বাহিনী সেৱাৰ মুঠ ৪ খনকৈ গাড়ীয়ে ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

অৱশ্যে অগ্নিকাণ্ডৰ সময়ত অৰুণ দাসৰ ঘৰত কোনো নথকাৰ বাবেই পৰিয়ালৰ সকলো লোক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে । এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও চৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ৰাইজে অনুমান কৰিছে । এই অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ নথি-পত্ৰৰ লগতে লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় ।

ABOUT THE AUTHOR

...view details