অসম

assam

ETV Bharat / city

ৰাজ্যজুৰি ৰঙালীক লৈ ব্যাপক প্ৰস্তুতি - বিহু নৃত্যৰ কৰ্মশালা

ঠায়ে ঠায়ে বিহু নৃত্যৰ কৰ্মশালাৰ সমান্তৰালকৈ ভিন্ন স্থানত চলিছে ৰঙালী বিহুৰ প্ৰস্তুতি

ৰাজ্যজুৰি ৰঙালীক লৈ ব্যাপক প্ৰস্তুতি

By

Published : Apr 12, 2019, 8:27 AM IST

কলিয়াবৰ, 12 এপ্ৰিল : দুৱাৰডলিত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু ৷ ৰঙালীক লৈ ৰাজ্যৰ ঠায়ে ঠায়ে পাৰভঙা উচাহ ৷ ঢোল, পেঁপা, গগনাৰ মাতত ৰজনজনাইছে চৌদিশ ৷ নিৰ্বাচনৰ প্ৰচাৰ আৰু ব্যস্ততাৰ মাজতে বিহুটিৰ প্ৰস্তুতি চলাইছে ৰাজ্যবাসীয়ে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কলিয়াবৰতো চলিছে বিহু নৃত্যৰ কৰ্মশালা ৷ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত কুঁৱৰীটোল গান্ধী পথাৰত চলিছে বিহু নৃত্যৰ কৰ্মশালা ৷ শিশুৰ পৰা যুৱতীলৈ প্ৰায় তিনি শতাধিক নাচনীয়ে অংশগ্ৰহণ কৰিছে এই কৰ্মশালাত ৷

ৰাজ্যজুৰি ৰঙালীক লৈ ব্যাপক প্ৰস্তুতি

ইপিনে হাটবৰতো অহা 2 ব’হাগত কেন্দ্ৰীয়ভাৱে ৰঙালী বিহুৰ আয়োজন কৰা হৈছে। ইতিমধ্যে হাটবৰ নাট্য সমাজ প্ৰাংগনত বিহু উদ্‌যাপন সমিতিৰ উদ্যোগত 1 এপ্ৰিলৰ পৰা চলি আছে বিহু নৃত্যৰ কৰ্মশালা ৷ এনেদৰেই কলিয়াবৰৰ জখলাবন্ধা, শিলঘাট, নলতলি, মিছা আদি ভিন্ন ঠাইত প্ৰস্তুতি চলিছে ৰঙালী বিহুৰ ৷

ABOUT THE AUTHOR

...view details