অসম

assam

ETV Bharat / city

Crime in Nagaon: সংবাদমেল যোগে প্ৰতিক্ৰিয়া প্ৰকাশ আৰক্ষী অধীক্ষক লীনা দলেৰ

নগাঁও চহৰৰ মাজমজিয়াত বৃহস্পতিবাৰে মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হোৱা কিশোৰীগৰাকী অপহৰণ হোৱা নাছিল ৷ নিজ ইচ্ছাৰে ঘৰৰ পৰা গৈছিল কিশোৰীগৰাকী ৷ হয়বৰগাঁৱৰ গোটলাইপট্টিত যোৱা মঙলবাৰে হত্যাৰ বলি হোৱা আয়েশা ছিদ্দিকাক হত্যা কৰিছিল কোনো পৰিচিত ব্যক্তিয়ে ৷ সংবাদমেলত প্ৰকাশ আৰক্ষী অধীক্ষক লীনা দলেৰ ৷

Crime against women in Assam
Crime against women in Assam

By

Published : Sep 16, 2022, 5:56 PM IST

Updated : Sep 16, 2022, 7:00 PM IST

নগাঁও, 16 ছেপ্টেম্বৰ:কেইদিনমান পূৰ্বে প্ৰকাশ পোৱা NCRB ৰিপ’ৰ্ট মতে (NCRB report 2022), দেশৰ ভিতৰতে নাৰীজনিত অপৰাধৰ ঘটনাৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে অসম (Crime against women in Assam) ৷ দেশৰ ভিতৰতে সৰ্বাধিক নাৰীজনিত অপৰাধ সংঘটিত হোৱা উত্তৰ প্ৰদেশতকৈ মাত্ৰ কেইটামানহে অপৰাধৰ সংখ্যা কম অসমত ৷ এই বিষয়টোৱে সচেতন মহলত উদ্বেগ সৃষ্টি কৰাৰ মাজতে নিতৌ ইটোৰ পিচত সিটো নাৰীজনিত অপৰাধৰ ঘটনা ৰাজ্যত সংঘটিত হৈয়েই আছে ৷ নগাঁৱতো বিগত কেইদিনত এনে জঘন্য ঘটনা পোহৰলৈ আহিছে (Crime in Nagaon district)৷

কিশোৰী অপহৰণ আৰু মহিলাক হত্যাৰ ঘটনা সন্দৰ্ভত শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে । দুয়োটা ঘটনা সন্দৰ্ভত কেতবোৰ তথ্য আৰু আৰক্ষীৰ স্থিতি প্ৰকাশ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে (Nagaon SP on recent crime) ৷

সংবাদমেল যোগে প্ৰতিক্ৰিয়া প্ৰকাশ আৰক্ষী অধীক্ষক লীনা দলেৰ

তেওঁ কয় যে, নগাঁও চহৰৰ মাজমজিয়াত বৃহস্পতিবাৰে মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হোৱা কিশোৰীগৰাকী অপহৰণ হোৱা নাছিল (Allegation of minor girl rape) ৷ নিজ ইচ্ছাৰে ঘৰৰ পৰা গৈছিল কিশোৰীগৰাকী ৷ যাৰ বাবে কিশোৰীগৰাকীৰ পিতৃয়ে দাখিল কৰা নাছিল কোনো অভিযোগ ৷ বৃহস্পতিবাৰে বিয়লিৰ ভাগতহে ব্যক্তিগৰাকীয়ে এখন এজাহাৰ দাখিল কৰে থানাত ৷

অৱশ্যে কিশোৰীগৰাকীক ধৰ্ষণ কৰা হৈছিল নে নাই সেই সন্দৰ্ভত এতিয়াও নিশ্চিত হোৱা নাই বুলি কয় লীনা দলেয়ে ৷ কিশোৰীগৰাকী সুস্থ হোৱাৰ পাচতহে আৰক্ষী এই ক্ষেত্ৰত নিশ্চিত হ’ব বুলি তেওঁ কয় ৷

লগতে পঢ়ক:কিশোৰীক নিৰ্যাতন চলাই মুমুৰ্ষ অৱস্থাত পেলাই থৈ গ'ল নগাঁও চহৰত

ইফালে হয়বৰগাঁৱৰ গোটলাইপট্টিত যোৱা মঙলবাৰে হত্যাৰ বলি হোৱা আয়েশা ছিদ্দিকা সন্দৰ্ভত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, মহিলাগৰাকীক কোনো পৰিচিত লোকে নৃশংসভাৱে হত্যা কৰিছিল (Woman murder in Nagaon) ৷ হত্যাৰ পাচত সমগ্ৰ ঘটনাটোক ডকাইতিৰ ৰূপ দিয়াৰ চেষ্টা কৰে হত্যাকাৰীয়ে ৷ আৰক্ষীয়ে দুয়োটা ঘটনাৰে ক্ষীপ্ৰ তদন্ত কৰি থকা বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

উল্লেখ্য যে, নগাঁৱৰ হয়বৰগাঁৱৰ গোটলাইপট্টিত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ (Woman body recovered)। আয়েছা ছিদ্দিকি নামৰ প্ৰায় ৫০ বছৰীয়া মহিলাগৰাকীৰ মৃতদেহ ঘৰৰ ভিতৰতে পোৱা গৈছিল । হাত ভৰি বন্ধা অৱস্থাত মৃতদেহটো উদ্ধাৰ হোৱাৰ লগে লগে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল (Nagaon murder case)। ঘৰৰ ভিতৰত সকলো সামগ্ৰী ছেদেলি ভেদেলি হৈ থকা অৱস্থাত পোৱা গৈছিল । যাৰ বাবে আত্মীয় আৰু স্থানীয় লোকে এয়া ডকাইতিৰ ঘটনা বুলি সন্দেহ কৰিছিল ।

কিন্তু আৰক্ষীৰ প্ৰাথমিক তদন্তত নতুন তথ্য পোহৰলৈ আহিছে । আৰক্ষীয়ে জনোৱা মতে হত্যাকাৰীয়ে মহিলাগৰাকীৰ জিভাখন কাটিছিল । আৰক্ষীয়ে সন্দেহ কৰা মতে এয়া ডকাইতি ঘটনা নহয় (woman brutally killed in Nagaon) । কিয়নো মহিলাগৰাকীৰ ঘৰৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গৰ্ভনিৰোধক সামগ্ৰীও উদ্ধাৰ কৰিছে (Contraceptive item found at murder victim house)। ঘৰটোত অসামাজিক কাৰ্যকলাপ চলি থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । অৱশ্যে তদন্তৰ অন্ততহে জানিব পৰা যাব এই ঘটনাৰ প্ৰকৃত ৰহস্য ৷

লগতে পঢ়ক:Nagaon brutal murder: হত্যাকাৰীয়ে কাটিছিল মহিলাৰ জিভা

Last Updated : Sep 16, 2022, 7:00 PM IST

ABOUT THE AUTHOR

...view details