অসম

assam

ETV Bharat / city

কেবৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত জোঁৰ সমদল

ধেমাজীৰ সমান্তৰালকৈ গোলাঘাটৰ মেৰাপানীত জোঁৰ সমদল উলিয়াই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে দৈয়াং আঞ্চলিক ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে ৷ এই ক্ষেত্ৰত পিচপৰি নাথাকিল বঢ়মপুৰস্থিত কামপুৰৰ কৃষক মুক্তি সংগ্ৰাম সমিতি, লাচিত সেনা আৰু কামপুৰ আঞ্চলিক যুৱক সমাজৰ লগতে কেইবাটাও জাতীয় সংগঠন আৰু দুই শতাধিক ৰাইজ ৷

কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ জোঁৰ সমদল
কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ জোঁৰ সমদল

By

Published : Dec 2, 2019, 11:42 PM IST

নিউজ ডেস্ক,2 ডিচেম্বৰ: কেবৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে দল সংগঠনৰ প্ৰতিবাদ ৷ সোমবাৰে কেবৰ বিৰুদ্ধে ধেমাজি সদৰত জোঁৰ সমদল বাহিৰ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিয়ে ৷ সংগঠনটোৰ কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ধেমাজি চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা সমদল উলিয়াই নগৰৰ মাজেৰে পৰিভ্ৰমণ কৰে প্ৰতিবাদকাৰীয়ে ৷

সমান্তৰালকৈ, গোলাঘাটৰ মেৰাপানীত জোৰ সমদল বাহিৰ কৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে দৈয়াং আঞ্চলিক ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে ৷ অসমৰ ৰাইজে ৰক্ত দিব, প্ৰাণ দিব, তথাপিও কেব মানি নল'ব বুলি সকীয়াই দিয়ে সংগঠনটোৱে । এই জোঁৰ সমদল কাৰ্যসূচীত দৈয়াং আঞ্চলিক সমিতিৰ নেতা বিতোপন দুৱৰা আৰু ৰিন্টু দাসৰ নেতৃত্বত বহুসংখ্যক ছাত্র যুৱকৰ্মীৰ লগতে দৈয়াং মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীসকলে অংশগ্ৰহণ কৰে।

কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ জোঁৰ সমদল

লগতে পঢ়ক ভাৰতীয় নৌ-সেনাৰ প্ৰথমগৰাকী মহিলা বৈমানিক ছাব লেফ. শিৱাংগী সিং

এই ক্ষেত্ৰত পিচপৰি নাথাকিল বঢ়মপুৰস্থিত কামপুৰৰ কৃষক মুক্তি সংগ্ৰাম সমিতি, লাচিত সেনা আৰু কামপুৰ আঞ্চলিক যুৱক সমাজৰ লগতে কেইবাটাও জাতীয় সংগঠন আৰু দুই শতাধিক ৰাইজ ৷ বিধেয়কখনৰ বিৰুদ্ধে সোমবাৰে কামপুৰতো জোৰ সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনকেইটাৰ লগতে ৰাইজে ৷

ABOUT THE AUTHOR

...view details