নগাঁও, 23 ছেপ্টেম্বৰ:আজি অৰ্থাৎ শুকুৰবাৰে কলিয়াবৰলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু (Cabinet Minister Kiren Rijiju in Assam) ৷ কেন্দ্ৰীয় আইন আৰু ন্যায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিব দ্বিতীয়খন কলীয়াভোমোৰা সেতু(Kiren Rijiju to visite new Kaliabhomora Bridge) ৷
ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ শোণিতপুৰ জিলা আৰু নগাঁও জিলা মাজত থকা কলীয়াভোমোৰা সেতুৰ সমান্তৰালকৈ নিৰ্মাণ হোৱা এইখন দলঙৰ নিৰ্মাণে সামৰিক দিশৰ পৰা বিশেষ গুৰুত্ব লাভ কৰিছে ৷ 1987 চনত শোণিতপুৰ আৰু নগাঁও জিলাৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত কলীয়াভোমোৰা সেতু যাতায়তৰ বাবে মুকলি কৰি দিছিল তদানীন্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীয়ে ।
দলংখনৰ আধাৰশিলা 1978 চনত তদানীন্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইয়ে (Former PM Morarji Desai) স্থাপন কৰিছিল ৷ প্ৰায় 3.3 কিলোমিটাৰ দৈৰ্ঘৰ দলংখনৰ নিৰ্মাণকাৰ্য 1981 চনৰ পৰা আৰম্ভ হৈছিল ৷ দলংখন নিৰ্মাণ কৰোতে 88 কোটি টকাৰ লগতে সৰ্বমুঠ ব্যয় হৈছিল 89 কোটি টকা ৷