কলিয়াবৰ, 19 আগষ্ট :কলিয়াবৰত হাতী-মানুহৰ সংঘাতৰ পীড়িতলৈ সাহায্য প্ৰদান কৰে এটা বেচৰকাৰী সংস্থাই ৷ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ উদ্দেশ্যেৰে 'দ্য কৰবেট ফাউণ্ডেশ্যন', নামৰ বেচৰকাৰী সংগঠনৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি-কাষৰীয়া তেঁতুলগুৰি আৰু চিকনি চাহ-বাগিছাৰ কৃষক ৰাইজৰ মাজত টঙী নিৰ্মাণৰ সামগ্ৰীৰ লগতে কৃষক ৰাইজক উচ্চ ক্ষমতাসম্পন্ন অত্যাধুনিক টৰ্চলাইট প্ৰদান কৰিছে ।
উল্লেখযোগ্য যে, এই অঞ্চলত ১০০ ঘৰ কৃষক পৰিয়ালে বছৰি প্ৰায় ২০০০ হাজাৰ বিঘা মাটিত খেতি কৰি আহিছিল । কিন্তু সম্প্ৰতি অঞ্চলটোত দিনক-দিনে বৃদ্ধি পোৱা হাতী-মানুহৰ ভয়ংকৰ সংঘাতে চিন্তিত কৰি তুলিছিল কৃষক ৰাইজক । নিজৰ খেতিডৰাৰ ফচল ৰক্ষা কৰাৰ উদ্দেশ্যে কৃষক ৰাইজে এনেদৰে এতিয়া টঙী ঘৰ নিৰ্মাণ কৰি দিনে-নিশা পহৰা দিয়াৰ ব্যৱস্থা কৰিছে ।