নগাঁও,31মাৰ্চ: দেওবাৰে ৰকিবুল হুছেইনৰ দুৰ্গ চামগুৰি সমষ্টিৰ আমবাগানত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি শক্তি প্ৰদৰ্শন কৰাৰ সময়তে চামগুৰিৰ কাঠপৰাত গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু ৰকিবুল হুছেইন ৷ এই প্ৰচাৰ সভাতে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা দেখা গ'ল কংগ্ৰেছ প্ৰাৰ্থী তথা সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক ।
বিজেপিৰ নতুন নাম বাংলাদেশী জনতা পাৰ্টিঃ গৌৰৱ গগৈ - politics
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে চামগুৰিৰ আমবাগানত শক্তি প্ৰদৰ্শন কৰাৰ সময়তে গৌৰৱ গগৈৰ হৈ চামুগুৰিৰ কাঠপৰাত প্ৰচাৰ চলালে ৰকিবুল হুছেইন, ৰিপুন বৰাই । ঝুমুৰ নৃত্যৰ তালে তালে প্ৰচাৰ চলাই উপস্থিত ৰাইজক আকৰ্ষণৰ চেষ্টা গৌৰৱ-ৰকিবুলৰ ৷
নগাঁৱত গৌৰৱ গগৈৰ হৈ প্ৰচাৰ ৰিপুন-ৰকিবুলৰ
ইয়াৰোপৰি বিজেপিৰ চামগুৰিৰ আমবাগানত অনুষ্ঠিত হোৱা সভাতকৈ কংগ্ৰেছৰ সভাত অধিক লোকৰ সমাগম হোৱা বুলি দাবী কৰি ৰিপুন বৰাই কলিয়াবৰবাসী ৰাইজক গৌৰৱ গগৈক ভোট দিয়াৰ বাবে আহ্বান জনায় ৷