অসম

assam

ETV Bharat / city

IPS Anand Mishra: পুনৰ প্ৰশংসাৰ পাত্ৰ হ’ল আনন্দ মিশ্ৰ

পুনৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিল বহুল চৰ্চিত আনন্দ মিশ্ৰ বাহিনী (IPS Anand Mishra) ৷ নগাঁও ৰাজপথত সংঘটিত এটা পথ দুৰ্ঘটনাৰ পিছত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত আগবঢ়োৱা সহায়ৰ জৰিয়তে দিলে মহানতাৰ আন এক পৰিচয় ৷

By

Published : Dec 8, 2021, 4:40 PM IST

IPS Anand Mishra
পুনৰ প্ৰশংসাৰ পাত্ৰ হ’ল আনন্দ মিশ্ৰ

নগাঁও, 8 ডিচেম্বৰ: আপোনাৰ বিপদত সহায়ৰ বাবে সদা প্ৰস্তুত অসম আৰক্ষী । বিপদত পৰা যিকোনো লোকক সহায়ৰ বাবে তৎপৰ হৈ থাকে অসম আৰক্ষী ।

এইবাৰ ৰাজপথত দুৰ্ঘটনাত পতিত লোকক সহায়ৰ হাত আগবঢ়াই আন এক আদৰ্শ দেখুৱালে বহুল চৰ্চিত আনন্দ মিশ্ৰ বাহিনীয়ে (IPS Anand Mishra) । নগাঁও ৰাজপথৰ পৰা দুৰ্ঘটনাগ্ৰস্ত বাহনখন দাঙি আঁতৰালে আনন্দ মিশ্ৰ বাহিনীয়ে ৷ নগাঁৱৰ পানীগাঁও চাৰিআলিত সংঘটিত হৈছিল পথ দুৰ্ঘটনাটো (Road accident in Nagaon) ।

পুনৰ প্ৰশংসাৰ পাত্ৰ হ’ল আনন্দ মিশ্ৰ

ডিভাইডাৰত খুন্দিয়াই পথৰ মাজত বাগৰি পৰিছিল এখন চুইফ্ট ডিজায়াৰ বাহন । অৱশ্যে সৌভাগ্যক্ৰমে ৰক্ষা পৰিল বাহনখনৰ চাৰিজনকৈ যাত্ৰী ৷ সেই সময়ত ঘটনাস্থলীত উপস্থিত হৈছিল নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ কনভয় ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখন আৰক্ষীৰ জোৱানসকলে দাঙি পথৰ পৰা আঁতৰাই দিয়ে । ফলত দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা যান-জঁটৰ পৰা কিছুসময়ৰ ভিতৰতে সকাহ পায় পথচাৰীসকলে ।

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নিজেই লগত থাকি পথৰ পৰা ক্ৰেন অবিহনেই দুৰ্ঘটনাত পতিত বাহনখন পথৰ পৰা আঁতৰাই আকৌ এবাৰ সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰে আনন্দ মিশ্ৰ ।

লগতে পঢ়ক:Recruitment in Assam Police : ২,৪৫০ টা কনিষ্টবলৰ পদৰ বাবে বিজ্ঞাপন মুকলি

ABOUT THE AUTHOR

...view details