চামগুৰি, 7ছেপ্তেম্বৰ:ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনক ন-ৰূপ দিবলৈ বৰ্তমানৰ বিজেপি নেতৃতাধীন চৰকাৰ খনে যিটো সময়ত নতুন নতুন আচঁনি গ্ৰহণ কৰিছে, সেই সময়তে নগাঁও জিলাৰ চামগুৰি “বিল পক্ষী নিৰীক্ষণ কেন্দ্ৰ আৰু মিনি পেছেঞ্জাৰ ৰ’পৱে ধংসৰ গৰাহত পৰিণত হৈছে ৷
উল্লেখযোগ্য যে, ২০০৬ চনতে সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ আমোলৰ তদানীন্তন ৰাজ্যিক বিত্ত আৰু পৰিকল্পনা বিভাগৰ মন্ত্ৰীৰ দায়িত্বত থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰিছিল চামগুৰিৰ "বিল-পক্ষী নিৰীক্ষণ কেন্দ্ৰ"ৰ ।
লগতে পঢ়কঃ কেৱল ৰাজনীতি কৰিয়েই খাই থকা নাই মানুহে: প্ৰমোদ বড়ো
সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ দিনতে বিলখনৰ কাষতে পৰ্যটন বিভাগে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মনোমোহা দৃশ্য উপভোগ কৰিবলৈ পৰ্যটকৰ আগমন ঘটিছিল ৷ কিন্তু আজি সেই পৰ্যটনস্থলী বৰ্তমান মদ, ভাং, জুৱা, ড্ৰাগছৰ আড্ডালৈ পৰ্যবেসিত হোৱাৰ লগতে হাবি-জংঘলে আৱৰি ধৰিছে সমগ্ৰ প্ৰকল্পটো ।
একেদৰে, বিল-পক্ষী নিৰীক্ষণ কেন্দ্ৰটোৰ চৌপাশতে নিৰ্মাণ কৰা "ৰ'কলেণ্ড পাৰ্ক" খনো হাবি-জংঘলে আৱৰি আছে । সম্প্ৰতি ক্ৰমাৎ ধ্বংস হৈ যাবলৈ ধৰিছে ২০১৪ চনতে নিৰ্মাণ কৰা মিনি পেচেঞ্জাৰ অৰ্থাৎ ৰোপৱে' । চামগুৰি সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক তথা কংগ্ৰেছ আমোলৰ ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ৰকিবুল হুছেইনৰ নেতৃত্বতে পৰ্যটন বিভাগে কোটি কোটি টকা ব্যয়ে সাপেক্ষে নিৰ্মাণ কৰিছিল এই বহুমুখী প্ৰকল্পটো ৷ কিন্তু এই প্ৰকল্প এতিয়া তত্বাৱধানৰ অভাৱত ধ্বংসৰ গৰাহলৈ গতি কৰিছে ৷