নগাঁও, 6 অক্টোবৰ :নগাঁৱত বিধায়ক ৰমাকান্ত দেউৰীৰ প্ৰৱেশ নিষিদ্ধ কৰিলে নগাঁও জিলা ছাত্ৰ সন্থাৰ সদস্যসকলে । উল্লেখযোগ্য যে, ৰমাকান্ত দেউৰীয়ে ছাত্ৰ সন্থাক কেন্দ্ৰ কৰি কেতবোৰ টুলুঙা মন্তব্য কৰিছিল । ইতিমধ্যে উক্ত ঘটনাক কেন্দ্ৰ কৰি মঙলবাৰে দেউৰীৰ বিৰুদ্ধে নগাঁও জিলা ছাত্ৰ সন্থাই কাৰ্য্যালয়তে আয়োজন কৰে এক সংবাদমেলৰ।
ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে নগাঁৱত ছাত্ৰ সন্থাৰ সংবাদমেল
বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে নগাঁৱত ছাত্ৰ সন্থাৰ সংবাদ মেল।
উক্ত সংবাদমেলত সংগঠনটোৱে বিধায়ক গৰাকীৰ মন্তব্যক গৰিহণা প্ৰদান কৰাৰ লগতে নগাঁও জিলাত প্ৰৱেশ কৰিলে বিধায়কগৰাকী প্ৰৱল প্ৰতিবাদৰ সন্মুখীন হ'ব বুলি হুংকাৰ প্ৰদান কৰে । লগতে ৰমাকান্তই তাচ্ছিল্য কৰা সম্প্ৰদায়টোৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ মৌনতাক লৈও প্ৰশ্ন উত্থাপন কৰে ছাত্ৰ সংগঠনটোৰ সদস্যসকলে ।