টীয়ক/যোৰহাট, 10 জুলাই:আজি সমগ্ৰ দেশজুৰি পালন কৰা হৈছে ঈদ-উল-জুহা বা ঈদুল আজহা (Eid al-Adha 2022) ৷ এই বকৰ ঈদ বা কুৰ্বানি ঈদৰ মূল অৰ্থ হ’ল ত্যাগৰ উৎসৱ । বিগত দুটা বছৰ ক’ভিডৰ বাবে কুৰ্বানি ঈদ উদযাপন কৰা হোৱা নাছিল যদিও এইবাৰ ৰাজ্যজুৰি উলহ-মালহেৰে পালন কৰা হৈছে ঈদ-উল-জুহা (Eid celebration in Assam) ৷
সামন্তৰালভাৱে যোৰহাটতো ইছলাম ধৰ্মাৱলম্বী ৰাইজে উদযাপন কৰিছে বকৰ ঈদ (Eid al Adha 2022 celebrates in Jorhat) ৷ কুৰ্বানি সম্পৰ্কত চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা মানি ঈদ উদযাপন কৰিলে যোৰহাটবাসীয়ে ৷ এয়া টীয়কৰ ঐতিহাসিক কাকজান ঈদগাহৰ দৃশ্য । ঐতিহাসিক ঈদগাহখনত হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজে পুৱাই নামাজ সমাপন কৰি প্ৰশংসাৰে উপচালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷
ঈদগাহখনৰ সভাপতি মৌলানা মোছাদ্দিক হুছেইনে বিভিন্ন ধৰ্ম, জাতি, জনগোষ্ঠীৰ সমন্বয়ৰে উজলি থকা অসমত মুখ্যমন্ত্ৰীগৰাকীয়ে সাৱলীলভাৱে শান্তি সম্প্ৰতি অটুট ৰাখিবলৈ চেষ্টা কৰিছে বুলি মন্তব্য কৰে ৷ ঈদৰ কুৰ্বানিক লৈ চলি থকা বিতৰ্ক অৱসান ঘটাই ইছলাম ধৰ্মৰ প্ৰতি মুখ্যমন্ত্ৰীগৰাকীয়ে দেখুওৱা সন্মানে আপ্লুত কৰা বুলিও মন্তব্য কৰে সভাপতিগৰাকীয়ে ।