অসম

assam

ETV Bharat / city

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

top-ten-news-at-3-pm
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Feb 28, 2022, 3:00 PM IST

Updated : Feb 28, 2022, 5:48 PM IST

Manipur election 2022 phase 1 : ভোটগ্ৰহণৰ পূৰ্বে নিলম্বিত কংগ্ৰেছ প্ৰাৰ্থী

মণিপুৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত অথন্তৰ ৷ ৱাংগোই সমষ্টিৰ পৰা প্ৰাৰ্থী ছালাম জয় সিঙক নিলম্বন দলৰ (Congress Expels Salam Joy Singh on Disciplinary Grounds) । সমষ্টিটোত বিজেপি প্ৰাৰ্থীক সহায় কৰাৰ সন্দেহ ৷

Indian students harassment Ukraine : ইউক্ৰেইন সীমান্তত ভাৰতীয় শিক্ষাৰ্থীৰ দুৰৱস্থা

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ বহু ভাৰতীয় শিক্ষাৰ্থী । বহু সংখ্যকক ইতিমধ্যে কৰা হৈছে উদ্ধাৰ । কিন্তু ইউক্ৰেইন সীমান্তত কি পৰিস্থিতিৰ সন্মুখীন হৈছে শিক্ষাৰ্থীসকল । জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Manipur election 2022 phase 1 : নিৰ্বাচনী হিংসাত উত্তাল মণিপুৰ

ৰাজ্যখনৰ দুটা পৃথক পৃথক কেন্দ্ৰত নিৰ্বাচনী হিংসা ৷ এটা কেন্দ্ৰত শিলগুটি নিক্ষেপ আৰু গুলীচালনাৰ ঘটনা ৷ আনহাতে আন এটা কেন্দ্ৰত কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত বুথ দখলৰ অভিযোগত সংঘৰ্ষ ৷

Short Film Maya Release : ডাইনী হত্যাৰ আধাৰত নিৰ্মিত চুটি ছবি মায়াৰ শুভমুক্তি

দেওবাৰে গুৱাহাটীত মুক্তি দিয়া হয় হিন্দী চুটি ছবি ‘মায়া’ (Hindi Short film Maya Release) ৷ ডাইনী হত্যা, অন্ধবিশ্বাসকে ধৰি বিভিন্ন কু-সংস্কাৰৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰোৱাৰ মানসেৰে নিৰ্মাণ কৰা হৈছে ছবিখন ৷

UN meeting on Ukraine : আজি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদৰ বৈঠক

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই আহ্বান জনোৱা "জৰুৰীকালীন বিশেষ অধিৱেশন" খনৰ সিদ্ধান্ত ভোটদানৰ জৰিয়তে লোৱা হয় ৷ 15 খন সদস্য ৰাষ্ট্ৰৰ 11 খনে ইয়াৰ সপক্ষে ভোট দিয়াৰ বিপৰীতে কেৱল ৰাছিয়াই বিৰুদ্ধে ভোট দিছিল । আনহাতে চীন, ভাৰত আৰু সংযুক্ত আৰৱ গণৰাজ্য ভোটদানৰ পৰা বিৰত আছিল ।

২০ টা নতুন পদৰ বাবে পৰীক্ষাৰ দায়িত্ব অসম লোকসেৱা আয়োগক

তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে নিজাববীয়াকৈ পৰীক্ষা অনুষ্ঠিত বা নিযুক্তি দিব নোৱাৰিব ৰাজ্য চৰকাৰৰ অধীনস্থ বিভাগে । ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা এক সিদ্ধান্তৰ আধাৰত সকলো বিভাগৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ নিযুক্তিৰ বাবে গঠন কৰা হৈছে এখন বিশেষ আয়োগ ।

Modi Meeting on Ukraine : আজি প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত ইউক্ৰেইন সন্দৰ্ভত উচ্চস্তৰীয় বৈঠক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে অনুষ্ঠিত হ’বলগীয়া ইউক্ৰেইনৰ সংকট সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিব (PM Modi to chair a high level meeting on Ukraine today) ৷ এই সন্দৰ্ভত একাংশ মন্ত্ৰীয়ে আলোচনা কৰাৰ অৰ্থে চুবুৰীয়া দেশসমূহলৈ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে ৷

Ukraine-Russia conflict : যুদ্ধ সম্পৰ্কীয় নিজৰ স্থিতিত অটল ভাৰত

ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষক লৈ চিন্তিত সমগ্ৰ বিশ্ব ৷ ৰাষ্ট্ৰ দুখনৰ মাজৰ সংঘৰ্ষক লৈ ভাৰতৰ স্থিতি স্পষ্ট কৰি দিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ প্ৰধানমন্ত্ৰী মোডীৰ ভূমিকাক প্ৰশংসা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ ।

Russia Ukraine Conflict : ইউক্ৰেইন এৰিবলৈ অস্বীকাৰ হাৰিয়ানাৰ নেহাৰ

সংবাদ শীৰ্ষত ইউক্ৰেইনত থকা ভাৰতৰ জীয়ৰী নেহা চাংৱান ৷ হাৰিয়ানাৰ 17 বছৰীয়া যুৱতীগৰাকীয়ে যুদ্ধৰ সময়ত (Russia Ukraine Conflict) দেশখনৰ পৰা ভাৰতলৈ ঘূৰি আহিব বিচৰাৰ (Neha Sangwan refuses to leave Ukraine) পৰিৱৰ্তে তাতে থাকিব বিচাৰে ৷ ৰাছিয়াৰ সৈতে চলি থকা যুদ্ধৰ সময়ত নেহাই বাস কৰা পিজি-টোৰ ঘৰৰ গৰাকীয়ে স্বেচ্ছাই ইউক্ৰেইনৰ সেনাবাহিনীত যোগদান কৰি দেশৰ হকে সেৱা আগবঢ়াইছে ৷ সেয়েহে যুৱতীগৰাকীয়ে পৰিয়ালটোৰ মুৰব্বীগৰাকীৰ অনুপস্থিতিত তিনিটাকৈ শিশুৰ দায়িত্ব লয় ৷

প্ৰসংগ কাগজ কল : আন্দোলনৰ হুংকাৰ প্ৰদেশ কংগ্ৰেছৰ

সংবাদমেলত সৰৱ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ কুমাৰ শৰ্মা। কাগজ কলৰ ৫০০০ কোটি টকীয়া সম্পত্তি ৩৭৫ কোটি টকাৰ পানীৰ দৰত বিক্ৰী কৰিব বিচৰা হৈছে(Auction price of paper mills reduced) । ইয়াৰ আঁৰত নিশ্চয় ষড়যন্ত্র আছে।

Last Updated : Feb 28, 2022, 5:48 PM IST

ABOUT THE AUTHOR

...view details