গুৱাহাটী,৭ ছেপ্টেম্বৰঃ গুৱাহাটীত পুনৰ এনকাউণ্টাৰৰ ঘটনা (Encounter in Guwahati) । এইবাৰ আৰক্ষীৰ গুলীত নিহত হ'ল দুৰ্ধৰ্ষ ডকাইত । ঘটনাৰ স্থান যোৰাবাট । আন এটা ডকাইতৰ সন্ধানত যোৱাৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলাব লওতেই আৰক্ষীয়ে গুলীচালনা কৰে । এই ঘটনাত নিহত হয় বহিঃৰাজ্যৰ দুৰ্ধৰ্ষ ডকাইত গোবিন্দ ৰয় ।
ঘটনাৰ বিৱৰণী অনুসৰি মঙলবাৰে গুৱাহাটী মহানগৰীত পুনৰ এক দিন ডকাইতিৰ ঘটনা ঘটনা সংঘটিত হৈছিল । বহি:ৰাজ্যৰ পৰা ডকাইতি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিছিল এটা ডকাইত । আৰক্ষী সূত্ৰই জনোৱা মতে ওজা জে চি বিৰ পৰা এখন জে চি বি ক্ৰয় কৰিবলৈ টি এন হীৰা নামৰ এজন গ্ৰাহকে মঙলবাৰে বশিষ্ঠৰ প্ৰতিষ্ঠানটোলৈ আহে । ঠিক সেই সময়তে কলকাতাৰ পৰা অহা গোবিন্দ ৰয় আৰু ৰাজু নামৰ দুই ডকাইতে বাইকেৰে আহি গ্ৰাহক জনৰ পৰা তিনিলাখ টকা কাঢ়ি নিয়াৰ চেষ্টা কৰে ।