অসম

assam

ETV Bharat / city

মূল্যবৃদ্ধিৰ নামত লুণ্ঠনৰাজ চলাইছে বিজেপি চৰকাৰে: ৰিপুন বৰা

সংবাদ মেল অনুষ্ঠিত কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি ৰিপুন বৰা (Ripun Bora against price rise) ৷ মূল্যবৃদ্ধিৰ নামত বিজেপি চৰকাৰে লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ উত্থাপন কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে বৰাই । অহা ১১ মে’ত অসমত তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয় মুকলি কৰা হ'ব বুলি সংবাদমেলত জনালে ৰিপুন বৰাই ৷

Ripun Bora criticizes bjp government of price hike
Ripun Bora criticizes bjp government of price hike

By

Published : May 4, 2022, 7:54 PM IST

গুৱাহাটী, ৪ মে’: মা, মাটি আৰু মানুহ শ্ল’গানেৰে সংবাদমেল সম্বোধন তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি ৰিপুন বৰাৰ । মূল্যবৃদ্ধিক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল ৰিপুন বৰা (Ripun Bora criticizes govt over price rise)। মূল্যবৃদ্ধিৰ নামত বিজেপি চৰকাৰে লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ উত্থাপন কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে বৰাই । তেওঁ কয় যে, পেট্ৰ’ল-ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ (Fuel price hike) ফলত বৃদ্ধি পোৱা পৰিবহন ব্যয়ৰ বাবে জনসাধাৰণৰ নিত্য প্ৰয়োজনীয় সকলো সামগ্ৰীৰ লগতে শাক-পাচলিৰো অত্যাধিক মূল্যবৃদ্ধি হৈছে ।

তেওঁ কয় যে, বিভিন্ন অৰ্থনৈতিক সংস্থাৰ সমীক্ষা মতে, ভাৰতৰ ৮৭ শতাংশ জনসাধাৰণ যোৱা কেইমাহত প্ৰতিবিধ শাক-পাচলিৰ অত্যাধিক মূল্যবৃদ্ধিৰ ফলত ক্ষতিগ্ৰস্ত হৈছে (Price rise of vegetable)। RBI ৰ এক প্ৰতিবেদন অনুযায়ী যোৱা ১৭ মাহত দেশৰ সৰ্বকালৰ অভিলেখ ভংগ কৰি খুচুৰা মূল্যবৃদ্ধি মাৰ্চ মাহত ৬.৯৫ শতাংশলৈ বৃদ্ধি হৈছে । সেই অনুসাৰে জনসাধাৰাণৰ ক্ৰয় ক্ষমতা হ্ৰাস পাইছে । নীতি আয়োগৰ প্ৰতিবেদন অনুযায়ী ভাৰতৰ প্ৰতিজন নাগৰিকৰ জনমূৰি আয় ২০২১ ত ৯৪,৯৫৪ টকাৰ পৰিৱৰ্তে চলিত বছৰত ৯২,৫০০ টকালৈ হ্ৰাস পাইছে ।

বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ ৰিপুন বৰা

ইয়াৰ ফলত ভাৰতৰ প্ৰতিজন নাগৰিকৰ এবছৰত গড়ে প্ৰায় ৬,৫০০ টকা উপাৰ্জন হ্ৰাস পাইছে । লগতে প্ৰতিজন ভাৰতীয়ৰ দৈনিক উপভোক্তা ব্যয় ২০২২ চনৰ মাৰ্চৰ সমীক্ষা অনুযায়ী ১১ শতাংশলৈ হ্ৰাস হৈছে বুলি ৰিপুন বৰাই মন্তব্য কৰে ।

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ চৰকাৰক সমালোচনা কৰি ৰিপুন বৰাই কয় যে, বিজেপি চৰকাৰৰ ৮ বছৰ কাৰ্যকালত বৃদ্ধি পাই আহিছে যদিও উত্তৰ প্ৰদেশকে ধৰি ৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন যোৱাৰ পিছতে যোৱা মাহত পেট্ৰ’ল ডিজেলৰ মূল্য ১৮ বাৰ বাঢ়িছে আৰু প্ৰতি লিটাৰত ১০ টকাকৈ বৃদ্ধি পাইছে । বিজেপি চৰকাৰে যোৱা ৮ বছৰত প্ৰতি লিটাৰ পেট্ৰ’লত ১৮.৮০ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ১৮.৩৪ টকা আবকাৰী শুল্ক আৰোপ কৰি জনসাধাৰণৰ পৰা ২৭ লাখ কোটি টকা অতিৰিক্তভাৱে সংগ্ৰহ কৰিছে (VAT on fuel in India)।

অসম প্ৰদেশৰ সভাপতি ৰিপুন বৰাৰ সংবাদ মেল

পেট্ৰ’লৰ অতিৰিক্ত দাম বৃদ্ধি কৰি চলিত বিত্তীয় বৰ্ষত ২০,১৩৮ কোটি টকা আৰু ডিজেলৰ পৰা ৫২,৩৫৩ কোটি টকা জনসাধাৰণৰ পৰা সংগ্ৰহ কৰাৰ লক্ষ্য লৈছে । ইপিনে, চলিত বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা ৰাইজৰ ওপৰত বিভিন্ন শিতানত আগেয়ে প্ৰযোজ্য হৈ থকা কৰৰ ওপৰত অতিৰিক্ত কৰ প্ৰয়োগ কৰি বছৰটোত প্ৰায় ১.২৫ লাখ কোটি টকা সংগ্ৰহৰ লক্ষ্য গ্ৰহণ কৰিছে বুলি বৰাই কয় ।

আনহাতে, সাৰৰ মূল্যবৃদ্ধি (Price rise of fertilizer) প্ৰসংগত তেওঁ কয় যে কৃষকসকলে কৃষক বিৰোধী তিনিখন আইন প্ৰত্যাহাৰৰ দাবীত দেশজুৰি চলোৱা আন্দোলনৰ (Farmer's protest over Farm bill) প্ৰতিশোধ হিচাপে মোডী চৰকাৰে DAP সাৰ প্ৰতি কেজিত ১৫০ টকা বৃদ্ধি কৰি ৬২ কোটি অন্নদাতা কৃষকক মাধমাৰ সোধাইছে । ৫০ কেজি সাৰৰ এই বেগসমূহৰ প্ৰতিবেগৰ মূল্য ১২০০ টকাৰ ঠাইত ১৩৫০ টকা লৈ বৃদ্ধি কৰি কৃষকৰ ওপৰত অতিৰিক্ত ৩৬,০০০ কোটি টকাৰ বোজা জাপি দিছে ।

ৰিপুন বৰাই লগতে কয় যে, KPKS bag ৰ দাম প্ৰতি বেগত ১১০ টকালৈ বৃদ্ধি কৰি কৃষকৰ পৰা এই বছৰটোত ৩৭৪০ কোটি টকা অতিৰিক্তভাৱে সংগ্ৰহ কৰাৰ লক্ষ্য লৈছে চৰকাৰে । ইপিনে পাইপ গেছ সংযোগ থকা চহৰত পাইপ গেছৰ মূল্য বৃদ্ধি কৰি ৯৬১.২০ কোটি টকাৰ অতিৰিক্ত বোজা পাইপ গেছ ব্যৱহাৰ কৰা সকলৰ ওপৰত জাপি দিছে বুলি উল্লেখ কৰে বৰাই ।

ৰাষ্ট্ৰীয় ঘাইপথসমূহত থকা টোলগেট সমূহত টোল টেক্স ২০২১-২২ সংগৃহীত হৈছিল ২৮,৪৫৮ কোটি টকা । ইয়াৰ বিপৰীতে ২০২২-২৩ ত ইয়াক ১৮ শতাংশলৈ বৃদ্ধি কৰি প্ৰায় ৩৯,০০০ কোটি টকাৰ বোজা ৰাইজৰ ওপৰত জাপি দিছে । তদুপৰি ৮০০ বিধ জীৱন দায়িনী ঔষধৰ ১০.৭৬ শতাংশ বৃদ্ধি কৰি ১০,০০০ কোটি টকাৰ বোজা জনসাধাৰণক জাপি দিছে বুলিও বৰাই মন্তব্য কৰে ।

বৰ্তমান মোদী চৰকাৰে ৰাতিপুৱাই Good morning ৰ পৰিৱৰ্তে মূল্যবৃদ্ধিৰ বাৰ্তাৰে দিনটোৰ বাবে স্বাগতম জনাইছে বুলি চৰকাৰক সমালোচনা কৰে ৰিপুন বৰাই ৷ তেওঁ কয় যে, এনেদৰে দৰিদ্ৰ জনসাধাৰণৰ ওপৰত মূল্যবৃদ্ধিৰ দোহাই দি মোদী চৰকাৰে যি লুঠৰাজ চলাইছে এয়াই নেকি তেওঁলোকৰ শ্ল’গান সবকা সাথ সবকা বিকাশৰ ৰূপায়ণৰ নমুনা বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ।

তেওঁ জানিবলৈ দিয়ে যে, ১১ মে’ত মুকলি কৰা হ'ব অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয় (TMC head office in Assam)। তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে মুকলি কৰিব এই কাৰ্যালয়টো । সেইদিনা অসমৰ বিভিন্ন প্ৰান্তৰ ১ হাজাৰ মানুহে তৃণমূলত যোগ দিব বুলি সংবাদ মেলত প্ৰকাশ। মুখ্য কাৰ্যালয়টো জয়ানগৰত হ'ব বুলি ৰিপুন বৰাই সংবাদ মেলত কয় । হিমন্ত বিশ্ব চৰকাৰৰ এটা বছৰত অসমৰ অৰ্থনীতি কিমান ভয়ংকৰ হ'ল তাক ৭ অথবা ৮ মে’ত সংবাদমেল যোগে উদঙাই দিব বুলিও কয় ৰিপুন বৰাই ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰী ড৹ হিমন্তৰ ঘৰত ড‘নাৰ মন্ত্ৰীসহ 7 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নৈশভোজ

ABOUT THE AUTHOR

...view details