গুৱাহাটী,১৭ আগষ্ট : চৰকাৰে এক লাখ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ দিশে আগবাঢ়িছে । ২০২০ চনৰ টেট পৰীক্ষা ২০২১ত অনুষ্ঠিত কৰা হ'ব । অক্টোবৰ মাহত অনুষ্ঠিত কৰা হ’ব টেট পৰীক্ষা । নিযুক্তি প্ৰক্ৰিয়াৰ সমানে এই পৰীক্ষা অনুষ্ঠিত হ’ব । অচিৰেই প্ৰকাশ পাব বিজ্ঞাপন । মঙলবাৰে গুৱাহাটীৰ সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।
সংবাদমেলত মন্ত্ৰী ডাঃ পেগুৱে কয়, বিএড নাইবা ডি এল এডৰ চূড়ান্ত পৰীক্ষাৰ এডমিট লাভ কৰা সকলে পৰীক্ষাত বহাৰ সুযোগ লাভ কৰিব । প্ৰাথমিক আৰু হাইস্কুল দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব টেট পৰীক্ষা । মন্ত্ৰীগৰাকীয়ে লগতে কয়, উচ্চ শিক্ষাৰ বাবে ২৫ শতাংশ আসন বৃদ্ধি কৰা হ’ব । মুক্ত প্ৰতিযোগিতাৰ জৰিয়তে হ’ব নামভৰ্তি । আসনৰ নাটনি নোহোৱাৰ বাবে অপ্ৰাদেশীকৃত বিদ্যালয়, ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে যদি একাদশ শ্ৰেণী আৰম্ভ কৰিব বিচাৰে তেন্তে ৰাজ্য চৰকাৰে অনুমতি প্ৰদান কৰিব ।
লগতে পঢ়ক :ৰাইজৰ দলৰে নহয় অসম জাতীয় পৰিষদৰেহে মিত্ৰতা হ’ব কংগ্ৰছৰ !
আন্তঃগাঁথনি থকা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সমূহে একাদশ শ্ৰেণী আৰম্ভ কৰিব পাৰিব ৷ চৰ্ত ভিত্তিত উচ্চ মাধ্যমিক বিদ্যালয়সমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হ’ব । উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাঁচ কিলোমিটাৰ ভিতিৰত যদি কোনো উচ্চতৰ মাধ্যমিকৰ বিদ্যালয় আছে তেন্তে তেনে শিক্ষা প্ৰতিষ্ঠানক আপগ্ৰেড কৰাৰ পদক্ষেপ লোৱা হ'ব । স্কুল খোলাকলৈ চিন্তা চৰ্চা চলি আছে বুলিও উল্লেখ কৰে ডাঃ ৰণোজ পেগুৱে । ছেপ্টেম্বৰৰ পৰা শ্ৰেণী আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । প্ৰথমে দশম, দ্বাদশ আৰু স্নাতক চূড়ান্ত বৰ্ষৰ শ্ৰেণী আৰম্ভ হ’ব ।
লগতে মন্ত্ৰী গৰাকীয়ে কয়, অহা ২০ আগষ্টত চৰকাৰখনৰ এশদিন সম্পূৰ্ণ হ’ব । সেই দিনা শ্ৰীমন্ত শংকৰদেৱ কলা ক্ষেত্ৰত উচ্চ শিক্ষাৰ ১১৩ গৰাকী শিক্ষক আৰু ৪২৭ গৰাকী শিক্ষক-কৰ্মচাৰীক অনুকম্পামূলক নিযুক্তি দিয়া হ’ব । মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণাৰ পিছত আসনৰ প্ৰসংগ উত্থাপন হৈছিল । গ্ৰামাঞ্চলত ছেবা আৰু শিক্ষা সংসদৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৭৫ শতাংশ আসন সংৰক্ষিত হ’ব । চহৰৰ শিক্ষানুষ্ঠানত প্ৰতিযোগিতামূলক ভাৱেই নামভৰ্তি হ’ব । ইয়াত চি বি এছ ই অথবা ছেবা আৰু শিক্ষা সংসদৰ ছাত্ৰ-ছাত্ৰী বুলি কথা নাথাকিব ।
লগতে পঢ়ক :ৰাজহুৱা যাতায়ত ব্যৱস্থা বন্ধ; কিন্তু আশীৰ্বাদ যাত্ৰা সফল কৰাত তৎপৰ দিছপুৰ