অসম

assam

ETV Bharat / city

মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰিবলৈ নিৰ্বাচন আয়োগক পত্ৰ বিৰোধী দলপতিৰ

হিমন্ত বিশ্ব শৰ্মাক উপ-নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অনুৰোধ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ প্ৰেৰণ কৰিলে পত্ৰ ৷

Opposition leader's letter to Election Commission
মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰিবলৈ নিৰ্বাচন আয়োগক পত্ৰ বিৰোধী দলপতিৰ

By

Published : Oct 22, 2021, 9:22 PM IST

গুৱাহাটী, ২২ অক্টোবৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উপ-নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অনুৰোধ জনাই শুকুৰবাৰে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । পত্ৰখনত বিৰোধী দলপতি গৰাকীয়ে কয় যে, ভবানীপুৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ সভাত এনে কিছু বক্তব্য আগবঢ়াইছে যি নিৰ্বাচনী আচৰণবিধি সম্পূৰ্ণকৈ ভংগ কৰিছে ।

বিৰোধী দলপতিৰ পত্ৰ

ভবানীপুৰৰ সভাত উপস্থিত থকা এজন লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ‌ ঘৰ দিয়াৰ কথা তেওঁ ঘোষণা কৰিছে । এক চৰকাৰী নীতি নিয়মৰ মাজেৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৱন্টন দিয়া হয় । তেনেক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কেনেকৈ এনে ঘোষণা কৰিব পাৰিলে বুলিও বিৰোধী দলপতি গৰাকীয়ে প্ৰশ্ন কৰে ৷

বিৰোধী দলপতিৰ পত্ৰ

আনহাতে সমষ্টিৰ উন্নয়ন সাধিবলৈ হ'লে বিধায়কজন‌ শাসক পক্ষৰ হ’বই লাগিব বুলি প্ৰতিখন নিৰ্বাচনী সভাতে মুখ্যমন্ত্ৰীয়ে কৰি অহা মন্তব্যৰ প্ৰতিও নিৰ্বাচন আয়োগৰ দৃষ্টি আকৰ্ষণ কৰে বিৰোধী দলপতি গৰাকীয়ে । সেয়েহে আগন্তুক নিৰ্বাচনী প্ৰচাৰ সভা সমূহত তেওঁক নিষিদ্ধ কৰিবলৈ নিৰ্বাচন আয়োগক অনুৰোধ জনাই বিৰোধী দলপতি গৰাকীয়ে ।

মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰিবলৈ নিৰ্বাচন আয়োগক পত্ৰ বিৰোধী দলপতিৰ

লগতে পঢ়ক :মগজুৰ বিকৃতি ঘটিছে হিমন্ত বিশ্ব শৰ্মাৰ : বদৰুদ্দিন আজমল

ABOUT THE AUTHOR

...view details