মুকলিৰ প্ৰথম দিনটোত তিনিজনকৈ ৰোগী ভৰ্তি হ’ল লখিমপুৰ কেঞ্চাৰ হাস্পতালত
উত্তৰ অসমত নতুনকৈ স্থাপন হ’ল লখিমপুৰ কেঞ্চাৰ হাস্পতাল (Cancer Hospital in Lakhimpur) ৷ শুভ উদ্বোধনৰ এদিন পাচতেই আৰম্ভ হ’ল লখিমপুৰ কেঞ্চাৰ হাস্পতালৰ চিকিৎসা সেৱা (Cancer care treatment started at Lakhimpur Cancer Hospital) ৷
বৰপেটা কেঞ্চাৰ হাস্পতালত কৰ্কট ৰোগীৰ চিকিৎসা আৰম্ভ
মুকলিৰ এদিনৰ পাচতেই অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰা হ’ল বৰপেটা কেঞ্চাৰ হাস্পতালৰ বৰ্হিঃবিভাগৰ কাম (PM Modi virtually launched cancer Hospital in Barpeta) ৷ পুৱাই বৰপেটাৰ উপায়ুক্ত গৰাকী আৰু বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষগৰাকীৰ লগতে অধীক্ষক আৰু কেইবাগৰাকীও ব্যক্তিয়ে মুকলি কৰে হাস্পতালখনৰ কাম-কাজ ৷ আনকি পুৱাই কেইবাগৰাকীও কৰ্কট আক্ৰান্ত ৰোগীয়ে চিকিৎসাৰ বাবে উপস্থিত হোৱা পৰিলক্ষিত হয় বৰপেটা কেন্সাৰ হাস্পতালত ৷
দুৰ্নীতি আৰু লবীয়ে কংগ্ৰেছ দলক ভাঙি পেলাইছে : শৰৎ বৰকটকী
কংগ্ৰেছৰ অন্যতম জ্যেষ্ঠ নেতা শৰৎ বৰকটকীৰ মন্তব্য, কংগ্ৰেছৰ ভিতৰত হোৱা দুৰ্নীতি আৰু লবীয়ে দলটোক ভাঙি পেলাইছে ৷ এতিয়া আকৌ কংগ্ৰেছ দলক শক্তিশালী কৰাৰ বাবে মানুহৰ মাজলৈ যাব লাগিব (Senior congress leader on reforms in the party)। ৰাজীৱ ভৱনত বহি বক্তৃতা দি থাকিলে কংগ্ৰেছ দল শক্তিশালী নহয় বুলিও মন্তব্য কৰে তেওঁ ৷
কাছাৰত আৰক্ষীৰ গুলীত আহত ডকাইত
অসম আৰক্ষী এনকাউণ্টাৰ অব্যাহত আছে । এইবাৰ কাছাৰৰ সোনাই আৰক্ষী থানাৰ অন্তৰ্গত আওলিয়া টিলাত সংঘটিত এনকাউণ্টাৰত আহত এটা ডকাইত (One robber injured in police firing at Cachar)। শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন আহত ডকাইতটো ।
চাহ বাগিচাৰ আধুনিকীকৰণৰ বাবে ত্ৰিপুৰা চাহ উন্নয়ন নিগমৰ প্ৰস্তাৱ
উত্তৰ-পূব পৰিষদে ত্ৰিপুৰাৰ পশ্চিম জিলাৰ ব্ৰহ্মকুণ্ডা চাহ বাগিচাৰ আধুনিকীকৰণৰ বাবে ২.৩০ কোটি টকা মঞ্জুৰ কৰিছে (Special grant for modernization of Brahmakunda Tea Garden)। চাহ বাগিচাবোৰৰ উন্নয়ন আৰু আধুনিকীকৰণৰ বাবে ত্ৰিপুৰা চাহ উন্নয়ন নিগমে উত্তৰ-পূব পৰিষদক তিনিটা প্ৰস্তাৱ আগবঢ়াইছিল ।