অসম

assam

শনিবাৰে দেশজুৰি পালন নেতাজীৰ 125 তম জন্ম জয়ন্তী

By

Published : Jan 23, 2021, 2:30 PM IST

স্বাধীনতা সংগ্ৰামী বীৰ পুৰুষ নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজি 125 তম জন্ম জয়ন্তী ৷ আপোচহীন ধাৰাৰ সংগ্ৰামী যাত্ৰাৰে স্বাধীনতা আন্দোলনত অগ্ৰণী ভূমিকা লোৱা নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনত শ্ৰদ্ধাৰে সোঁৱৰিলে দেশবাসীয়ে ৷

NETAJI DIVAS
শনিবাৰে দেশজুৰি পালন কৰা হ’ল নেতাজীৰ ১২৫ তম জন্ম জয়ন্তী

গুৱাহাটী, 23জানুৱাৰী : স্বাধীনতা সংগ্ৰামী বীৰ পুৰুষ নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজি 125 তম জন্ম জয়ন্তী ৷ আপোচহীন ধাৰাৰ সংগ্ৰামী যাত্ৰাৰে স্বাধীনতা আন্দোলনত অগ্ৰণী ভূমিকা লোৱা নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনত শ্ৰদ্ধাৰে সোঁৱৰিলে দেশবাসীয়ে ৷ নেতাজীৰ নেতৃত্বতেই দেশক স্বাধীন কৰা লক্ষ্যৰে আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল আৰু সশস্ত্ৰ ক্ষমতাৰে স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল ৷ এইগৰাকী মহান স্বাধীনতা সংগ্ৰামীৰ শনিবাৰে 125 তম জন্ম জয়ন্তী সমগ্ৰ দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো মহানগৰ নেতাজী সুভাষ চন্দ্ৰ বসু 125 তম জন্ম দিৱস পালন কমিটীয়ে দীঘলীপুখুৰীৰ পাৰত উদযাপন কৰিলে জন্ম জয়ন্তী ৷

নেতাজীৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত পল্টনবজাৰ ভল্ভ’ পইণ্টৰ পৰা গুৱাহাটী ক্লাৱ হৈ দীঘলীপুখুৰীৰ পাৰলৈকে এক সমদল উলিওৱা হয় ৷ সমদলত বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ ইয়াৰ পাছতে দীঘলীপুখুৰীৰ পাৰত এক আলোচনা চক্ৰত অংশ লয় সকলোৱে ৷ উল্লেখ্য যে, আগন্তুক 2022 চনৰ 23 জানুৱাৰীলৈকে নেতাজী সুভাষ চন্দ্ৰ বসুৰ 125 বছৰীয়া জন্মজয়ন্তীৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্য্যসূচী ৰূপায়ণ কৰি যাব বুলি মন্তব্য কৰে আয়োজক কমিটীয়ে ৷

লগতে পঢ়কঃগহপুৰৰ বালিজানত পথ দুৰ্ঘটনাত নিহত দুগৰাকী বেংক কৰ্মচাৰী

ABOUT THE AUTHOR

...view details