অসম

assam

ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ বিৰুদ্ধে সৰৱ বিধায়ক অতুল বৰা

By

Published : Jun 14, 2020, 6:33 PM IST

ঋতুপৰ্ণৰ হত্যাকাণ্ডৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইতিমধ্যে উক্ত ঘটনাটোৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়ক অতুল বৰা ৷ ঋতুপৰ্ণৰ হত্যাকাণ্ডৰ লগত জড়িত সকলো দোষীয়ে উচিত শাস্তি পাবই লাগিব বুলি ক্ষোভ প্ৰকাশ কৰে বিধায়ক জনে ।

MLA Atul Bora Attended At Nunmati Police Station in Guwahati
ঋতুপৰ্ণৰ হত্যাকাণ্ডৰ বিৰুদ্ধে সৰৱ বিধায়ক অতুল বৰা

গুৱাহাটী, 14 জুনঃ গুৱাহাটী মহানগৰীৰ নুনমাটি আৰক্ষী থানাত উপস্থিত হয় বিধায়ক অতুল বৰা ৷ ঋতুপৰ্ণৰ হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষী বিষয়াৰ সৈতে আলোচনাত মিলিত হয় বিধায়ক অতুল বৰা ৷

ঋতুপৰ্ণৰ হত্যাকাণ্ডৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ সকলো দল-সংগঠনে উক্ত ঘটনাৰ লগত জড়িত সকলো দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তিৰ দাবী তুলিছে ৷ ঠিক একেদৰে ঋতুপৰ্ণৰ হত্যাকাণ্ডৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়ক অতুল বৰা ৷ বিধায়ক জনে নুনমাটি থানাত উপস্থিত হৈ আৰক্ষী বিষয়াৰ সৈতে উক্ত বিষয়টো সন্দৰ্ভত আলোচনাত মিলিত হয় ৷

বিধায়ক জনে সাংবাদিকৰ আগত কয় যে ঋতুপৰ্ণৰ হত্যাকাণ্ডৰ লগত জড়িত সকলো দোষীয়ে উচিত শাস্তি পাবই লাগিব । কোনো কাৰণতে যাতে দোষীয়ে চূড়ান্ত সিদ্ধান্ত হোৱাৰ আগতে থানাৰ পৰা ওলাই আহিব নোৱাৰে তাৰ বাবে প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয় বিধায়ক জনে । ইফালে নুনমাটি আৰক্ষী চকীত বিধায়কৰ ফালৰ পৰা এখন স্মাৰক পত্ৰ দিয়া বুলি কয় ।

ঋতুপৰ্ণৰ হত্যাকাণ্ডৰ বিৰুদ্ধে সৰৱ বিধায়ক অতুল বৰা

আনহাতে, এই হত্যা কাণ্ডৰ বিষয়টো নিষ্পত্তি নোহোৱা পৰ্যন্ত আৰমান হোম ফাৰ্নিচাৰ বিপনী খন বন্ধ কৰি ৰাখিব লাগিব । তাৰোপৰি পূৰ্বৰ কিবা প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰে বিধায়কজনে । তাৰোপৰি উক্ত অঞ্চলটোত বহুত সন্দেহযুক্ত নাগৰিক থকাৰ উপৰিও বহু অপৰাধী মানসিকতাৰ আছে বুলিও কয় বিধায়কজনে । ঘটনা সংঘটিত হোৱা অঞ্চলটো অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগে বুলি কোৱাৰ উপৰিও পবিতৰা অভয়াৰণ্যৰ জীৱ জন্তুৰ সংৰক্ষণ কৰাৰ লগতে ষ্টাৰ চিমেন্ট কোম্পানীয়ে পথ সমুহ দীৰ্ঘ দিন ধৰি নস্ত কৰি অহা বুলি ক্ষোভ প্ৰকাশ কৰে বিধায়কজনে ৷ উক্ত ঘটনা সমুহৰ বিৰুদ্ধে সকলো সময়তেই অকলে মাত মাতি অহা বুলি সাংবাদিকৰ আগত ক্ষোভ প্ৰকাশ কৰে ৷

লগতে পঢ়ক- জলসম্পদ মন্ত্ৰীৰ গৃহ জিলাত ৰাইজে নিৰ্মাণ কৰিলে মথাউৰি

ABOUT THE AUTHOR

...view details