গুৱাহাটী, ৬ এপ্ৰিল : কামৰূপ মহানগৰ জিলাৰ চাৰিটা সমষ্টিত বিয়লি ৫ বজালৈ ৭৪ শতাংশ ভোটদান হয় । ইয়াৰ ভিতৰত জালুকবাৰীত ৭৮ শতাংশ, দিছপুৰ ৭১ শতাংশ, পূৱ গুৱাহাটী ৬৮ শতাংশ আৰু আৰু পশ্চিম গুৱাহাটী সমষ্টিত ৭৯ শতাংশ ভোটদান সম্পন্ন হয় ।
উল্লেখ যে, ৰাতিপুৱা গুৱাহাটীৰ ভোটাৰ ৰাইজ হিল-দল ভাঙি ওলাই আহিছিল যদিও দুপৰীয়া ভোটদানৰ হাৰ পুৱাৰ তুলনাত হ্ৰাস পায় । অৱশ্যে বিয়লিৰ ভাগত পুনৰ ভোটকেন্দ্ৰ সমূহত ভোটাৰৰ ভিৰ পৰিলক্ষিত হয় ।