গুৱাহাটী,৮জুন : শনিবাৰে গুৱাহাটী মহানগৰীৰ কলাক্ষেত্ৰত 'skill Van' নামৰ এখন আঁচনি মুকলি কৰা হয় । আঁচনিখন মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী পল্লব লোচন দাস আৰু নবনিৰ্বাচিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । অজিত আকাশ ভেন্সাৰ প্ৰাইভেট লিমিটেডৰ উদ্যোগত 'skill Van' নামৰ আঁচনিখন মুকলি কৰা হয় ।
গুৱাহাটীত দক্ষতা বিকাশৰ আঁচনি মুকলি - কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী
গুৱাহাটী মহানগৰীৰ কলাক্ষেত্ৰত অজিত আকাশ ভেন্সাৰ প্ৰাইভেট লিমিটেডৰ উদ্যোগত 'skill Van' নামৰ আঁচনিখন মুকলি কৰা হয়, আঁচনিখনৰ জৰিয়তে গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়া হ'ব
গুৱাহাটীত দক্ষতা বিকাশৰ আঁচনি মুকলি
উল্লেখযোগ্য যে, বিগত বৰ্ষত ৯৩৬১ গৰাকী ছাত্ৰ ছাত্ৰীক বিভিন্ন ক্ষেত্ৰত দক্ষতা বিকাশৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিছে অজিত আকাশ ভেন্সাৰ প্ৰাইভেট লিমিটেডে । 'Assam skill development' ৰ অধীনত গ্ৰহণ কৰা এই আঁচনিৰ দ্বাৰা চলিত বৰ্ষত বিভিন্ন গাঁৱত দক্ষতা বিকাশৰ বাবে এই 'skill van' লৈ যোৱা হ'ব আৰু বিভিন্ন ক্ষেত্ৰত দক্ষতা থকা গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়া হ'ব এই 'skill Van' ৰ জৰিয়তে ।