মহানগৰীত বিতৰণ বান সাহায্য - ৰাজাবাৰী
পানীখাইটী ৰাজাবাৰীৰ বানাক্ৰান্তসকলক বান সাহায্য বিতৰণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাৰেংগী আঞ্চলিক সমিতিয়ে
![মহানগৰীত বিতৰণ বান সাহায্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3881218-thumbnail-3x2-fl.jpg)
মহানগৰীত বিতৰণ বান সাহায্য
গুৱাহাটী,১৯জুলাই : ভয়ংকৰ বানে জুৰুলা কৰিছে ৰাজ্যবাসীক । চৌদিশে কেৱল বানে বিধ্বস্ত কৰা এক জৰাজীৰ্ণ ছবি । খাদ্য,আশ্ৰয়ৰ সংকটত ভুগা বানাক্ৰান্তসকলক সহায় কৰিবলৈ ওলাই আহিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাৰেংগী আঞ্চলিক সমিতি । বৃহস্পতিবাৰে পানীখাইটী ৰাজাবাৰী অঞ্চলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাৰেংগী আঞ্চলিক সমিতিয়ে বানাক্ৰান্তসকলক বিতৰণ কৰে চাউল, দালি, তেল, নিমখৰ লগতে আন বহু সামগ্ৰী ।
মহানগৰীত বিতৰণ বান সাহায্য