গুৱাহাটী,১৬ জানুৱাৰী:ৰাজ্যত ক'ভিডৰ ভয়াৱহ সংক্ৰমণ অব্যাহত আছে (Assam covid update) । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত আক্ৰান্তৰ হাৰ হৈছে ১২.১৩ শতাংশ । দিনক দিনে ৰাজ্যখনত ক'ভিডৰ সংক্ৰমণৰ ক্ৰমাৎ ঊৰ্দ্ধমুখী হৈছে । শুকুৰবাৰৰ দিনটোত ৰাজ্যখনত ৬,৮৯৭ গৰাকী লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে । ইয়াৰে ১,৫৬১ গৰাকী গুৱাহাটী মহানগৰীৰ ।
শুকুৰবাৰৰ দিনটোত ৰাজ্যত ৫৬,৮৪৯ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হয় । সেই অনুসৰি আক্ৰান্তৰ হাৰ ১২.১৩ শতাংশ । উল্লেখ যে শুকুৰবাৰৰ দিনটোত ৰাজ্যত কৰ'ণাত আক্ৰান্ত হৈ ১৫ গৰাকী লোকে প্ৰাণ হেৰুৱাই । লক্ষণীয় বিষয় যে আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মৃত্যুৰ হাৰ ক্ৰমাৎ চিন্তনীয় ৰূপত বৃদ্ধি পাইছে । ইফালে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰা ক'ভিড পৰিস্থিতিৰ বাবে ইতিমধ্যে পুনৰ ৰাজ্যজুৰি কঠোৰভাৱে ক'ভিড বিধি বলৱৎ কৰা হৈছে ।