অসম

assam

ETV Bharat / city

বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ যাব তাছা আৰু বৈশ্য !

ৰাজ্যসভা নিৰ্বাচনত নাথাকে কংগ্ৰেছৰ প্ৰাৰ্থী ৷ সংবাদমেলযোগে কংগ্ৰেছে প্ৰাৰ্থী আগনবঢ়ায় বুলি উল্লেখ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাৰ ৷ ফলত অনায়াসে জয়ী হোৱাৰ দিশে কামাখ্যা প্ৰসাদ তাছা আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ৷

ৰাজ্যসভালৈ তাছা আৰু বৈশ্য

By

Published : May 28, 2019, 4:00 PM IST

গুৱাহাটী, 28 মে' : ৰাজ্যসভা নিৰ্বাচনত নাথাকে কংগ্ৰেছৰ প্ৰাৰ্থী । ৰাজ্যসভাৰ বাবে থকা অসমৰ দুখন আসনত এইবাৰ কংগ্ৰেছ দলে প্ৰদান নকৰিলে প্ৰাৰ্থী । ২৫ জন বিধায়ক লৈ ৰাজ্যসভাৰ আসন দখল কৰাটো অসম্ভৱ কংগ্ৰেছৰ বাবে ।যাৰ বাবে কংগ্ৰেছে প্ৰদান নকৰিলে প্ৰাৰ্থিত্ব ৷ মঙলবাৰে ৰাজ্যসভাৰ মনোনয়ন দাখিলৰ অন্তিমটো দিনত বিজেপি মিত্ৰজোঁটৰ দুই প্ৰাৰ্থী ক্ৰমে কামাখ্যা প্ৰসাদ তাছা আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সময়তে সংবাদমেলযোগে এই কথা উল্লেখ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৷

ৰাজ্যসভালৈ তাছা আৰু বৈশ্য

লগতে ৰিপুন বৰাই কয় যে বিজেপিক ৰুধিবলৈ কংগ্ৰেছ দলে অন্যান্য বিৰোধী দলৰ লগত মিলি যুটীয়াভাৱে ৰাজ্যৰ সাহিত্য-সংস্কৃতিৰ লগত জড়িত কেবৰ বিৰোধিতা কৰা ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল যদিও অন্যান্য বিৰোধী দলৰ পৰা কোনোধৰণ সঁহাৰি নাপাই অৱশেষত ৰাজ্যসভাৰ বাবে প্ৰাৰ্থী প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে দলটোৱে ।

ফলত দুয়োখন আসনতে অনায়াসে জয়ী হোৱাৰ দিশে বিজেপি মিত্ৰজোঁটৰ দুই প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা আৰু বিৰেন্দ্ৰ প্ৰসাদ বৈশ্য ৷

ABOUT THE AUTHOR

...view details