অসম

assam

ETV Bharat / city

অবৈধ কয়লা খননক লৈ ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসৰ প্ৰতিক্ৰিয়া

অবৈধ কয়লা খনন সন্দৰ্ভত তিনিগৰাকী বিজেপি নেতাক লৈ এখন কমিটী গঠন কৰি দিয়া হৈছে আৰু তিনিওগৰাকী নেতাই এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিছে ৷ অৱশ্যে চৰকাৰে এতিয়ালৈকে এই প্ৰতিবেদন পঢ়ি চোৱা নাই ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে সোমবাৰে সংবাদমেলত এই তথ্য প্ৰকাশ কৰিছে ৷

কয়লা খননক লৈ ৰঞ্জিত দাসৰ প্ৰতিক্ৰিয়া
কয়লা খননক লৈ ৰঞ্জিত দাসৰ প্ৰতিক্ৰিয়া

By

Published : Jun 1, 2020, 7:07 PM IST

গুৱাহাটী, 1 জুন : দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ অনুমতিৰ বিৰুদ্ধে সৃষ্টি হোৱা প্ৰতিবাদৰ সমান্তৰালকৈ ৰাজ্যত অবৈধভাবে চলি থকা কয়লা খননৰ বিষয়টোৱেও গুৰুত্ব লাভ কৰিছে । বিভিন্ন দল-সংগঠনৰ লগতে অসমবাসী ৰাইজে অবৈধ কয়লা খনন বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে । বিজেপি দলৰ কিছুমান কৰ্মী আৰু নেতাৰ বিৰুদ্ধেও অবৈধ কয়লাৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়কঃদিহিং পাটকাইত কয়লাৰ মুক্ত খননৰ অনুমতি কিমানদূৰ সত্য !

সোমবাৰে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে অবৈধ কয়লা খনন সন্দৰ্ভত সংবাদমেলযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, চৰকাৰে অবৈধ কয়লা খননৰ প্ৰকৃত সত্য জানিবলৈ বিজেপিৰ তিনিগৰাকী নেতাক দায়িত্ব অৰ্পণ কৰিছে, ইতিমধ্যে এই তিনিওগৰাকী নেতাই চৰকাৰৰ হাতত অবৈধ কয়লা খনন সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিছে । প্ৰতিবেদনখন চোৱাৰ পিছত চৰকাৰে এই বিষয়ৰ ওপৰত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব । ৰঞ্জিত দাসে সচেতন নাগৰিকৰ ওচৰত এই সন্দৰ্ভত কিবা তথ্য থাকিলে আৰক্ষী অথবা চৰকাৰক অভিযোগ দাখিল কৰিবলৈ আহ্বান জনাইছে । চৰকাৰে তদন্ত কৰি দোষীব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনায় ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ।

কয়লা খননক লৈ ৰঞ্জিত দাসৰ প্ৰতিক্ৰিয়া

কৃষক নেতা অখিল গগৈ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰঞ্জিত দাসে ৷ তেওঁ কয় যে, অখিল গগৈৰ বিষয়টো আইনৰ অন্তৰ্গত । আইনে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছে । দেশত কৰ'ণা ভাইৰাছৰ আতংক অব্যাহত থকাৰ বাবে বিজেপি দলে আগন্তক তিনি-চাৰি মাহ পৰ্যন্ত ডিজিটেল মাধ্যমেৰে ৰাইজৰ লগত সংযোগ স্থাপন কৰিব বুলিও দাসে জানিবলৈ দিয়ে । বিজেপিয়ে ডিজিটেল মাধ্যমৰ জৰিয়তে দলীয় কাম-কাজ চলাই যাব বুলিও জানিবলৈ দিয়ে ৰঞ্জিত দাসে ।

লগতে পঢ়কঃদিহিং পাটকাইত কয়লাৰ মুক্ত খনন সন্দৰ্ভত সংবাদমেলযোগে স্থিতি স্পষ্ট কৰিলে চৰকাৰে

ABOUT THE AUTHOR

...view details