অসম

assam

বৰ্ষাপাৰা ষ্টেডিয়াম পৰিদৰ্শন ৰাজস্থান ৰয়েলছ আৰু আই এম জিৰ বিষয়াৰ

By

Published : Feb 7, 2020, 7:44 PM IST

বৰ্ষাপাৰা ষ্টেডিয়াম পৰিদৰ্শন কৰে ৰাজস্থান ৰয়েলছ আৰু আই এম জিৰ বিষয়াই ৷

পৰিদৰ্শন ৰাজস্থান ৰয়েলছ আৰু আই এম জিৰ বিষয়াৰ
গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়াম

গুৱাহাটী, 7 ফেব্ৰুৱাৰী : বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগা ৰাজস্থান ৰয়েলছৰ মেচৰ পূৰ্বে ষ্টেডিয়াম পৰিদৰ্শন কৰিলে ৰাজস্থান ৰয়েলছ আৰু আই এম জিৰ বিষয়াই ৷ উল্লেখ্য যে, গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত বি চি চি আইয়ে ৰাজস্থান ৰয়েলছৰ তিনিখন আই পি এল মেচ অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছিল ৷ সেয়েহে মেচখন অনুষ্ঠিত কৰিবৰ বাবে এনেদৰে পৰিদৰ্শনৰ বাবে উপস্থিত হয় ৰাজস্থান ৰয়েলছ আৰু আই এম জিৰ বিষয়াৰ দল ৷

বৰ্ষাপাৰা ষ্টেডিয়ামত উপস্থিত ৰাজস্থান ৰয়েলছ আৰু আই এম জিৰ বিষয়াৰ

তিনিখনৰ ভিতৰত দুখন মেচ গুৱাহাটীত অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক দেৱজিত শইকীয়াই ৷ ষ্টেডিয়াম পৰিদৰ্শনৰ পাচত ৰাজস্থান ৰয়েলছ আৰু আই এম জিৰ বিষয়াসকলে অসম ক্ৰিকেট সন্থাৰ বিষয়াসকলৰ লগত এখন বৈঠকত মিলিত হয় ৷ বৈঠকত আই পি এলৰ মেচ কেইখন পৰিচালনাক লৈ আলোচনা কৰা হয় ৷

অসমত ৰাজস্থান ৰয়েলছৰ আই পি এলৰ মেচ অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰি ৰাজস্থান উচ্চ ন্যায়ালয়ত এক পি আই এল দাখিল কৰা হৈছিল ৷ পি আই এলৰ শুনানি অহা ১৩ ফেব্ৰুৱাৰীত গ্ৰহণ কৰা হ'ব ৷

আৰু পঢ়ক : তিহাৰ কাৰাগাৰত এগৰাকী বন্দীৰ আত্মহত্যা

ABOUT THE AUTHOR

...view details