গুৱাহাটী, 23 জুন :শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ অসম জন সম্বোধন । অসম জন সম্বোধনৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰথমখন ভাৰ্চুৱেল ৰেলী আজি অনুষ্ঠিত হৈ যায় । পাঞ্জাৱৰীৰ পৰা অসমৰ মুখ্যমন্ত্ৰী আৰু দিল্লীৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই সম্বোধন কৰে অসম জন সম্বোধন ভাৰ্চুৱেল ৰেলী । মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেল ৰেলীৰ জৰিয়তে ৰাজ্যবাসীক কয় যে, ৰাজ্যত বিজেপি চৰকাৰ অহাৰ পাছতেই উন্নতিৰ দিশে আগবাঢ়িছে অসম ৷
বিজেপিৰ যি মূলমন্ত্ৰ ৰাখিছিল তাৰ দ্বাৰাই, দুৰ্নীতি মুক্ত অসম, সন্ত্ৰাসবাদ নিৰ্মূল, প্ৰদূষণ মুক্ত, বিদেশীমুক্ত ৰাজ্য আৰু নিৰ্মাণকামী ৰাজ্য হিচাপে গঢ় দিছে ৷ কংগ্ৰেছৰ দিনত ৰাজ্যত চাৰিখন চিকিৎসা মহাবিদ্যালয় আছিল যদিও বিজেপি চৰকাৰ দিনত ৮ খন হ’ল ৷ আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই পোনপ্ৰথমে চীন সীমান্তত মৃত্যু হোৱা শ্বহীদক শ্ৰদ্ধা জনায় ৷ লগতে কৰ'ণা আক্ৰান্ত আৰু মৃত্যু হোৱা সকলোকে শ্ৰদ্ধা জনায় আৰু মা কামাখ্যা আৰ্শীবাদ লৈ সকলোৱে যাতে কৰ'ণা বিৰুদ্ধে যুঁজ দিব পাৰে তাৰ বাবে প্ৰাৰ্থনা জনায় ৷