গুৱাহাটী,18 মাৰ্চ :কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ৷ এক প্ৰতিবেদন যোগে সচিবালয়ত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰা হৈছে । সেই অনুসৰি, 31 মাৰ্চ পৰ্যন্ত সচিবালয় চৌহদত প্ৰৱেশ কৰিব নোৱাৰিব কোনো লোকে ৷
জৰুৰীকালিন তথা গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত কোনো তথ্য লাভৰ বাবে টেলিফোন অথবা ই-মেইলৰ দ্বাৰা যোগাযোগ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে সচিবালয়ৰ আয়ুক্ত এম. অংগামুথুয়ে ৷