গুৱাহাটী, 25 ডিচেম্বৰ :গুৱাহাটী মহানগৰীত সংযোজন হ'ল আৰু এখন অত্যাধুনিক উদ্যানৰ । মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ উদ্যোগত গুৱাহাটীৰ আদাবাৰীত স্থাপন কৰা 'অটল উদ্যান'খন শুকুৰবাৰে মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(Assam CM Inaugurate Newly Constructed Adabari Park) ই ৷ প্ৰায় ৮.৭৪ কোটি টকা ব্যয়েৰে নিৰ্মিত উদ্যানখনে ৮ বিঘা এলেকা সামৰি লৈছে । উদ্যানখনত ২৫০জনীয়া আসনযুক্ত এম্ফিথিয়েটাৰ, ধ্যান ভৱন, মুকলি ব্যায়ামাগাৰ, শিশুৰ খেলা-ধূলাৰ সুবিধাকে ধৰি বহু অত্যাধুনিক সুবিধা উপলব্ধ কৰা হৈছে ।
এই উপলক্ষ্যে আয়োজন কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ ১৫খন উদ্যান পৰিচালনা সমিতিক বিত্তীয় সাহাৰ্যৰ চেক বিতৰণ কৰে । মুখ্যমন্ত্ৰীয়ে স্থানীয় ৰাইজক বিশেষকৈ মহিলাসকলক এই উদ্যানসমূহৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব ল'বলৈ আৰু শিশু-কিশোৰ তথা যুৱক-যুৱতীসকলক উৎপাদনশীল কাৰ্যকলাপত নিয়োজিত কৰাৰ বাবে এই স্থানসমূহ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায় । তেওঁ হেঙেৰাবাৰীত নিৰ্মীয়মান উদ্যানখনো শীঘ্ৰেই সম্পূৰ্ণ কৰাৰ লগতে ২০২৩ চনৰ ভিতৰত ফাঁচীবজাৰৰ পুৰণি কাৰাগাৰ চৌহদৰ উদ্ভিদ উদ্যানখনো মুকলি কৰা হ'ব বুলি অনুষ্ঠানত জানিবলৈ দিয়ে ৷