গুৱাহাটী, 11 ডিচেম্বৰ :নাগৰিকত্ব সংশোধনী আইন(citizenship amendment act 2019) চমুকৈ "কা" বাতিলৰ দাবীত পুনৰ সোঁচ্চাৰ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ৷ অসাংবিধানিক সাম্প্ৰদায়িক নাগৰিকত্ব সংশোধনী আইন বাতিল(Citizenship Amendment Act protests)ৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে 15 ডিচেম্বৰ তাৰিখে ৰাজ্যজুৰি এক ধৰ্ণা কাৰ্যসূচীৰ ঘোষণা কৰিছে ৷
শনিবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে 2019 চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাইজৰ আৱেগ অনুভূতিক আৰু অসমৰ ৰাইজৰ গণতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰি পাঁচজনকৈ নিৰীহ অসমীয়া যুৱকক হত্যা কৰি অসাংবিধানিক তথা সাম্প্ৰদায়িক নাগৰিকত্ব সংশোধনী আইন জাপি দিছিল ৷
অসাংবিধানিক নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সমগ্ৰ অসম জুৰি হোৱা ব্যাপক আন্দোলন বিশ্বব্যাপি ত্ৰাস সৃষ্টিকাৰী মহামাৰী ক'ৰণাৰ পৰিপ্ৰেক্ষিতত হোৱা লকডাউনৰ বাবে বিগত দুটা বছৰ স্তিমিত হৈ পৰিছিল ৷ অন্যহাতে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে নাগৰিকত্ব সংশোধনী আইনখন গৃহীত কৰাৰ পাছত অদ্যপি আইনখন কাৰ্যকৰী কৰা নাই ৷ ইফালে এই অসাংবিধানিক আইনখন বাতিল কৰাৰ বাবে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লগতে অসমৰ আন কেইবাটাও দল সংগঠনে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰি আইনী যুঁজ অব্যাহত ৰাখিছে ৷