অসম

assam

ETV Bharat / city

ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণৰ পদক লাভ মৰাণৰ দুই কিশোৰৰ - National Tikwando Championship

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ দুগৰাকী কিশোৰ ৷ ৰাষ্ট্ৰীয় টাইকোৱানডো চেম্পিয়নশ্বিপত সোণৰ পদক বুটলিবলৈ সক্ষম হ’ল মৰাণৰ তিলৈ নগৰৰ দুই কিশোৰে ৷

Gold medal winner of First Open National Tikwando Championship competition
ৰাষ্ট্ৰীয় ক্ৰীয়াত সোণৰ পদক লাভ মৰাণৰ দুই কিশোৰৰ

By

Published : Aug 7, 2021, 5:34 PM IST

মৰাণ, 7 আগষ্ট : টকিঅ' অলিম্পিক (Tokyo Olympic)ত বৰপথাৰৰ জীয়ৰি লাভলীনা বৰগোঁহাইয়ে ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছতেই পুনৰ আন এটা ভাল খবৰ ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীলৈ ৷ উত্তৰ প্ৰদেশৰ মথুৰাত অনুষ্ঠিত হোৱা প্ৰথম মুকলি ৰাষ্ট্ৰীয় টাইকোৱানডো চেম্পিয়নশ্বিপ প্ৰতিযোগিতা (National Tikwando Championship)ত মৰাণৰ দুই কিশোৰে সোণৰ পদক বুটলিবলৈ সক্ষম হৈছে ৷

উত্তৰ প্ৰদেশৰ মথুৰাত যোৱা ২৫ আৰু ২৬ জুলাইত অল ইণ্ডিয়া স্পট একাডেমীয়ে অনুষ্ঠিত কৰিছিল ৰাষ্ট্ৰীয় টাইকোৱানডো চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখন ৷ এই 'ৰাষ্ট্ৰীয় টাইকোৱানডো চেম্পিয়নশ্বিপ'ৰ ২৩ কেজি আৰু ৪১ কেজি শাখাত অংশগ্ৰহণ কৰিছিল এই দুই কিশোৰে ৷ ইয়াৰে ২৩ কেজি শাখাত মৰাণৰ তিলৈ নগৰৰ ১ নং মাধকলি গাঁৱৰ নিবাসী নিপেন গোস্বামী আৰু অনুৰূপা গোস্বামীৰ ৭ বছৰীয়া পুত্ৰ বিপ্লৱ কুমাৰ গোস্বামীয়ে সোণৰ পদক লাভ কৰে ।

ৰাষ্ট্ৰীয় ক্ৰীয়াত সোণৰ পদক লাভ মৰাণৰ দুই কিশোৰৰ

লগতে পঢ়ক - টকিঅ' অলিম্পিক: 9 গৰাকী মহিলা হকী খেলুৱৈক 50 লাখকৈ দিব হাৰিয়ানা চৰকাৰে

আনহাতে, তিলৈ নগৰৰ নিবাসী সঞ্জয় আগৰৱাল আৰু পুস্পাঞ্জলি আগৰৱালৰ পুত্ৰ তথা ছাই একাডেমীৰ ছাত্ৰ নিতেশ আগৰৱালে ৪১ কেজি শাখাত সোণৰ পদক জয় কৰিবলৈ সক্ষম হয় । এই দুই কিশোৰৰ সফলতাত পৰিয়ালৰ লগতে অঞ্চলবাসীয়ে আনন্দ প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, মৰাণতে টাইকোৱানডো প্ৰশিক্ষণ আৰম্ভ কৰা দুই কিশোৰে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভা জিলিকাই তুলিবলৈ সক্ষম হয় যদিও মৰাণত ক্ৰীড়া আন্তঃগাঁথনিৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰে ভাৰাক্ৰান্ত । মৰাণত উপযুক্ত খেলপথাৰ আছে যদিও সেয়া ছাত্ৰ-ছাত্ৰীৰ বাবে ক্ৰীড়া অনুশীলনৰ ক্ষেত্ৰত উপযুক্ত নহয় ৷ ফলত উদ্যমী খেলুৱৈ সকল যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় ৷

খেলৰ প্ৰতি আগ্ৰহী হৈও এই সমস্যাৰ বাবে বহু ল’ৰা-ছোৱালী পিছপৰি থাকিবলগীয়া হয় বুলি বহু অভিভাৱকে আক্ষেপ প্ৰকাশ কৰে ৷ এই ক্ষেত্ৰত ক্ৰীড়ামন্ত্ৰী বিমল বৰাক (Bimal Bora) গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে অভিভাৱকসকলে ।

লগতে পঢ়ক - আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস

ABOUT THE AUTHOR

...view details