অসম

assam

By

Published : Aug 3, 2022, 10:54 PM IST

ETV Bharat / city

Rail blockade at Chabua: চাবুৱাত ৰেলপথ অৱৰোধ কৰিবলৈ ওলাই আহিল হাজাৰ হাজাৰ ৰাইজ

চাবুৱাত ৰেলপথ অৱৰোধ সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন আৰু মটক মহিলা পৰিষদৰ ৷ মটক জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত পুনৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা সংগঠন দুটাৰ ৷ 11 আগষ্টত দিল্লীত অৰ্ধ উলংগ কাৰ্যসূচী ৰূপায়নৰ কৰিব মটক যুৱ-ছাত্ৰ সন্মিলনে ৷

Rail blockade at Chabua
চাবুৱাত ৰেলপথ অৱৰোধ কৰিবলৈ ওলাই আহিল হাজাৰ হাজাৰ ৰাইজ

মৰাণ, 3 আগষ্ট :মটক জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত বুধবাৰে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন আৰু মটক মহিলা পৰিষদৰ উদ্যোগত চাবুৱাত কেইবাঘন্টা ধৰি ৰেলপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ মটক জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি চৰকাৰে বঞ্চনা কৰি অহাৰ অভিযোগ তুলি সংগঠন দুটাই সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

চাবুৱাত ৰেলপথ অৱৰোধ কৰিবলৈ ওলাই আহিল হাজাৰ হাজাৰ ৰাইজ

মটক যুৱ-ছাত্ৰ সন্মিলন আৰু মটক মহিলা পৰিষদে অসমৰ আলফা সমস্যাও সামাধনৰ ক্ষেত্ৰত পদক্ষেপ ল'বলৈ সংগঠনটোৱে দাবী জনাইছে । মটক জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ নকৰিলে পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি সংগঠনটোৰ নেতৃত্বই চৰকাৰক সকীয়নি দিয়ে । তেওঁলোকে লগতে 11 আগষ্টত দিল্লীত অৰ্ধ উলংগ কাৰ্যসূচী ৰূপায়নৰ কথা সদৰী কৰে ৷

উল্লেখ্য যে, কেইদিনমান পূৰ্বে ডিব্ৰুগড়ত সংবাদমেল অনুষ্ঠিত কৰি মটক জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত পুনৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিল সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে । ইয়াৰ পাছতে আজি চাবুৱাত ৰেলপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে হাজাৰ হাজাৰ ৰাইজ ।

লগতে পঢ়ক :NESO advisor Samujjal Kumar Bhattacharjya: মৌলবাদী সংগঠনে অসমৰ বাবে ভাবুকি কঢ়িয়াই আনিছে

ABOUT THE AUTHOR

...view details