মৰাণ, ২৫ আগষ্টঃকৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজনৈতিক দল গঠন কৰাৰ কথা ঘোষণা কৰাৰ পিছতে মঙলবাৰে কৃষক মুক্তিৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত মৰাণত এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ সভাখনত অংশগ্ৰহণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ধৈৰ্য কোঁৱৰৰ লগতে ছাত্ৰ মুক্তি কাৰ্যকৰী সম্পাদক মানস কোঁৱৰ ৷ সভাত অংশ গ্ৰহণ কৰি সম্পাদক ধৈৰ্য কোঁৱৰে সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।
উল্লেখ্য যে, চৰকাৰৰ কৃষি বিভাগে বেষ্ট এম্বেচাদৰ হিচাপে জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গক নিৰ্বাচিত কৰাতো এটা ৰাজনৈতিক চক্ৰান্ত ৷ যিহেতু 'জুবিন গাৰ্গ অসমৰ সম্পদ । জুবিনক এতিয়া বিজেপিয়ে ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে । এই কথা তেওঁ বুজি পোৱা উচিত ।' এই মন্তব্য কৃষক মুক্তিৰ নেতা ধৈৰ্য কোঁৱৰৰ ।
কিছুমান শিল্পীয়ে 'কা' আন্দোলনক অন্যফালে ঢাল খোৱাবলৈকে আন্দোলনত সহযোগ কৰিছিল । এই সকল শিল্পীয়ে বিজেপি এজেণ্ট হিচাপে 'কা' আন্দোলন কৰিছিল । তেওঁ লগতে কয় 'CAA' ই অসমীয়া জাতিক শেষ কৰি পেলাব । সেয়ে 'কা' আন্দোলন পুনৰ তীব্ৰতৰ কৰি তোলা হ'ব । এই সংগ্ৰামখন বিধানসভাৰ মজিয়ালৈ লৈ যোৱাটোৱেই ৰাজনৈতিক দল গঠনৰ উদ্দেশ্য । আঞ্চলিক দল গঠনৰ কথা উল্লেখ কৰি কৃষক নেতাজনে কয় যে, কোনো ৰাষ্ট্ৰীয়তাবাদী আৰু সাম্প্ৰদায়িক দলৰ সৈতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গঠন কৰা দলে সহযোগ নকৰে । আঞ্চলিক আপোচবিহীন ৰাজনৈতিক দলৰ সৈতেহে কৃষক মুক্তি দল থাকিব । তেওঁ লগতে কয় নতুনকৈ গঠন কৰা আঞ্চলিক ৰাজনৈতিক দল সমূহ এক লগ হ'ব লাগিব আৰু ঐক্যবদ্ধ ৰাজনৈতিক দলটোৱেহে মুখ্যমন্ত্ৰী কোন হ'ব বিচাৰ কৰিব ।