পূৱ বিলাসীপাৰা, ২৩ মাৰ্চ: নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই যেন আকৰ্ষণী হৈ পৰিছে বিলাসীপাৰা পূৱ সমষ্টিৰ ৰাজনীতি । চাপৰৰ অসম জাতীয় পৰিষদৰ কাৰ্যালয়ত গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ শতাধিক যুৱকে বিলাসীপাৰা পূৱ সমষ্টিৰ অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী ডাঃ কানুলাল দাসৰ উপস্থিতিত অজাপত যোগদান কৰে ।
চাপৰত শতাধিক যুৱকৰ অসম জাতীয় পৰিষদত যোগদান - গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদ
চাপৰত শতাধিক যুৱকৰ অসম জাতীয় পৰিষদত যোগদান ৷ অসম জাতীয় পৰিষদে এইবাৰ চৰকাৰ গঠন কৰিব বুলি দাবী বিলাসীপাৰা পূৱ সমষ্টিৰ মনোনীত প্ৰাৰ্থী ডাঃ কানুলাল দাসৰ ৷
চাপৰত শতাধিক যুৱকৰ অসম জাতীয় পৰিষদত যোগদান
ইফালে অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী ডাঃ কানুলাল দাসে বিজেপি দলক তীব্ৰ সমালোচনা কৰি বিজেপি দলৰ ১০০+ মিছন এতিয়া বিফল হৈছে বুলি মন্তব্য কৰে ৷ অসমত লুৰীণজ্যোতি গগৈৰ নেতৃত্বত অসম জাতীয় পৰিষদৰ চৰকাৰ হ’ব বুলি মন্তব্য কৰে অজাপৰ প্ৰাৰ্থী ডাঃ কানুলাল দাসে ।
লগতে পঢ়কঃমহিলা কেৱল হিতাধিকাৰীহে, হ'ব নোৱাৰে ৰাইজৰ প্ৰতিনিধি !