অসম

assam

ETV Bharat / city

বিলাসীপাৰাত পুনৰ ৪ গৰাকীৰ দেহত ক'ভিড-19 পজিটিভ

পূৱ বিলাসীপাৰাত বিগত ২৪ ঘন্টাত কৰ'ণা ৰোগত আক্ৰান্ত হৈছে ৪ গৰাকীকৈ লোক ৷ বৰ্তমান বিলাসীপাৰা মহকুমাত কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি পাইছে ৷

By

Published : Apr 24, 2021, 8:14 PM IST

Total 8 no Of  COVID-19 patient Case In West Bilashipara
বিলাসীপাৰাত পুনৰ ৪ গৰাকীৰ দেহত ক'ভিড-19 পজিটিভ

পশ্চিম বিলাসীপাৰা, 24 এপ্ৰিল:সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাৰ পূৱ বিলাসীপাৰাতো ক্ৰমাৎ বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ বিলাসীপাৰাত বিগত ২৪ ঘন্টাত কৰ'ণা ৰোগত আক্ৰান্ত হৈছে ৪ গৰাকীকৈ লোক ৷ আক্ৰান্ত লোক কেইজনৰ ৰেপিড এণ্টিজেন পৰীক্ষাত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি ।

কৰ'ণাত আক্ৰান্ত লোক কেইগৰাকী হৈছে বিলাসীপাৰা চহৰৰ ২ নং ৱাৰ্ডৰ বিশ্বজিৎ বৰ্মন (32), সাপটগ্ৰামৰ ৪ নং ৱাৰ্ডৰ ভূষন চন্দ্ৰ কৰ্মকাৰ(76), উদমাৰী ২য় খণ্ডৰ হাৰু সেখ (45) আৰু ৰাঙাপানী ২য় খণ্ডৰ ফাতেমা খাতুন(54) বুলি জানিব পৰা গৈছে ৷ বৰ্তমানলৈকে বিলাসীপাৰা মহকুমাত কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 25 জনলৈ বৃদ্ধি পাইছে বুলি স্বাস্থ্য বিভাগে সদৰি কৰিছে ।

লগতে পঢ়ক-ছিপাঝাৰৰ এখন বিয়াৰ পৰা কৰ'ণাৰ ভয়ংকৰ গণ সংক্ৰমণ

ABOUT THE AUTHOR

...view details