অসম

assam

ETV Bharat / city

ধুবুৰীত হেজাৰ হেজাৰ ভূমিহীন লোকে ভূমিপট্টা নাপালে কিয়ঃ নাজিমুল হক

BJP চৰকাৰ খনে মাটি আবন্টন দিয়াৰ নামত ৰাজনীতি কৰাৰ অভিযোগ ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক নাজিমুল হকৰ। এইবাৰ বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰ খনক ৰাইজে যোগ্য প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ প্ৰদান কৰে নেতা গৰাকীয়ে।

PRESS MEET HELD BY KMSS DIST SECRATORY AMINUR_ISLAM AT BILASHIPARA
ধুবুৰীত হেজাৰ হেজাৰ ভূমিহীন লোকে ভূমিপট্টা নাপালে কিয়ঃ নাজিমুল হক

By

Published : Feb 5, 2021, 7:30 AM IST

Updated : Feb 5, 2021, 10:09 AM IST

পশ্চিম বিলাসীপাৰা, 5 ফেব্ৰুৱাৰী: BJP চৰকাৰ খনে মাটি আৱন্টন দিয়াৰ নামত ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক নাজিমুল হকে। বৃহস্পতিবাৰে বিলাসীপাৰাৰ বি আৰ আম্বেদকাৰ ভৱনত এখন সংবাদমেল সম্বোধন কৰি এই অভিযোগ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা নাজিমুল হকে।

ধুবুৰীত হেজাৰ হেজাৰ ভূমিহীন লোকে ভূমিপট্টা নাপালে কিয়ঃ নাজিমুল হক

ৰাজ্যত চৰকাৰে আৰম্ভ কৰিছে ভূমিহীন লোকক ভূমি পট্টা দিয়াৰ ব্যৱস্থা ৷ ইতিমধ্যে বিভিন্ন জিলাত বিজেপি মিত্ৰজোঁট চৰকাৰ খনৰ মন্ত্ৰী তথা নেতাৰ উপস্থিতিত বহু ভূমিহীন লোকক বিতৰণ কৰিছে ভূমি পট্টা ৷ তাৰ বিপৰীত ধুবুৰী জিলাত হেজাৰ হেজাৰ ভূমিহীন পৰিয়াল থকাৰ পিছতো কোনো ভূমিহীন পৰিয়ালে এটুকুৰা ভূমি আবন্টন নোপোৱা বুলি অভিযোগ উত্থাপন কৰিছে ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক নাজিমুল হকে।

কৃষক নেতা জনে চৰকাৰক উভতি ধৰি সাংবাদিক আগত মন্তব্য কৰে যে,পাকে প্ৰকাৰে পূৱ বিলাসীপাৰাৰ BJPৰ বিধায়ক অশোক কুমাৰ শিংহীয়ে চাপৰ ৰাজহ চক্ৰ বিষয়া,বিলাসীপাৰা মহকুমাধিপতি আৰু জিলা উপায়ুক্তৰ জৰিয়তে শ শ বিঘা চৰকাৰী ভূমি আৱন্টন লোৱাৰ কূট কৌশল ৰচিছে বুলি আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।

লগতে কয় যে,বিজেপি চৰকাৰ খনে "কা" আৰু "কৃষি আইন" জাপি দি খিলঞ্জীয়া জাতি জনগোষ্ঠীৰৰ ভৱিষ্যতক লৈ হেতালি খেলা বিজেপি চৰকাৰ খনক আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব ৷ ইফালে বিলাসীপাৰা পূৱ সমষ্টিৰ বিজেপিৰ বিধায়ক অশোক কুমাৰ সিংহীকো এইবাৰ নিৰ্বাচনত ধুবুৰী জিলাত উৎখাত কৰিবলৈ ৰাইজক আহ্বান জনাইছে নেতা গৰাকীয়ে।

লগতে পঢ়ক-বৰপেটাত অসম জাতীয় পৰিষদৰ বৃহৎ যোগদান সমাৰোহ

Last Updated : Feb 5, 2021, 10:09 AM IST

ABOUT THE AUTHOR

...view details