নিউজ ডেস্ক 2 মেঃ চিকিমৰ নাথুলা পথে দি ভাৰত আৰু চীনৰ মাজত পুনৰ ব্যৱসায় আৰম্ভ হৈছে ৷ দুয়োখন দেশৰ মাজত যোৱা 14 বছৰৰ পৰা এই পথেদি ব্যৱসায় আদান প্ৰদান চলি আছে ৷ যাৰবাবে নাথুলাত এক কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷ চিকিমৰ জনসংযোগ বিভাগৰ এক বিবৃত্তি মতে বাণিজ্য আৰু উদ্যোগৰ প্ৰধান সচিব ডঃ থমাচ চাণ্ডীৰ লগতে বিভিন্ন কেন্দ্ৰীয় সংস্থাৰ অধিকাৰীসকল উক্ত কাৰ্যসূচীত উপস্থিত আছিল ৷
নাথুলা পথেদি পুনৰ ভাৰত-চীনৰ ব্যৱসায় আৰম্ভ - begin
চিকিমৰ নাথুলা পথে দি ভাৰত আৰু চীনৰ মাজত পুনৰ ব্যৱসায় আৰম্ভ হৈছে৷ দুয়োখন দেশৰ মাজত যোৱা 14 বছৰৰ পৰা এই পথেদি ব্যৱসায় আদান প্ৰদান চলি আছে ৷
নাথুলা পথেদি পুনৰ ভাৰত-চীনৰ ব্যৱসায় আৰম্ভ
উল্লেখ্য যে দুয়োখন দেশৰ মাজত সীমা ব্যৱসায় প্ৰতি বৰ্ষৰ 1 মে তাৰিখৰ পৰা 30 নৱেন্বৰৰ মাজত সপ্তাহত চাৰি দিনত হয় ৷
মনকৰিবলগীয়া যে এই ব্যৱসায় 44 বছৰৰ পিচত 2006 পুনৰ আৰম্ভ হয় ৷ এক বিজ্ঞপ্তি অনুসৰি ভাৰতে দুগ্ধজাত সামগ্ৰীৰ লগতে বাচন-বৰ্তনৰ সৈতে 36 বিধ বিভিন্ন সামগ্ৰী ৰপ্তানি কৰাৰ লগতে তিব্বতৰ স্বায়ত্ব ক্ষেত্ৰৰ পৰা চামৰাৰ সামগ্ৰীৰ লগতে 20 প্ৰকাৰৰ বিভিন্ন দ্ৰব্য ভাৰতে আমদানি কৰে ৷ যোৱা বৰ্ষত ভাৰতে 45.03 কোটি টকাৰ সীমা ব্যৱসায় কৰিছিল ৷