অসম

assam

ETV Bharat / business

দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 102 লাখ কোটি টকাৰ পাঁচ বছৰীয়া পৰিকল্পনা

দেশৰ আন্তঃগাঁথনিৰ উন্নীতকৰণৰ বাবে চৰকাৰে আগন্তুক পাঁচ বছৰৰ বাবে 102 লাখ কোটি টকা প্ৰকল্পৰ বাবে নিৰ্ধাৰণ ৷ 102 লাখ কোটি টকা দেশৰ আন্তঃগাঁথনিৰ বাবে বিনিয়োগ কৰাৰ ফলত 2025 চনত ভাৰতবৰ্ষক 5 ট্ৰিলিয়ন ডলাৰ অৰ্থনীতি হিচাপে থিয় হোৱাত সহায় কৰিব ৷

Finance Minister unveils Rs 102 lakh crore of infra projects for next 5 years
দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 102 লাখ কোটি টকাৰ পাঁচ বছৰীয়া পৰিকল্পনা

By

Published : Dec 31, 2019, 11:13 PM IST

নেশ্যনেল ডেস্ক, 31 ডিচেম্বৰঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে দেশৰ আন্তঃগাঁথনিৰ উন্নীতকৰণৰ বাবে চৰকাৰে আগন্তুক পাঁচ বছৰৰ বাবে 102 লাখ কোটি টকা প্ৰকল্পৰ বাবে নিৰ্ধাৰণ কৰাৰ কথা উল্লেখ কৰে ৷

বিত্তমন্ত্ৰীয়ে এক সংবাদমেল সম্বোধন কৰি উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বাধীনতা দিৱসৰ ভাষণত দেশৰ আন্তঃগাঁথনিৰ বাবে 100 লাখ কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰিছিল ৷

তেওঁ উল্লেখ কৰে যে দেশৰ পাইপলাইন পৰিসৰ যোজনাৰ বাবে 3 লাখ টকা বিনিয়োগৰ সম্ভাৱনা আছে ৷ লগতে তেওঁ উল্লেখ কৰে যে বিদ্যুৎ সেৱা, ৰেল’ৱে, নগৰী জলসিঞ্চন, গতিশীলতা তথা শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নয়নৰ কাম সম্পন্ন কৰা হ’ব ৷

102 লাখ কোটি টকাৰ পাঁচ বছৰীয়া পৰিকল্পনা

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উল্লেখ কৰে যে প্ৰায় 25 লাখ কোটি টকা বিদ্যুৎ সেৱাৰ বাবে আৰু যাতায়ত ব্যৱস্থাৰ বাবে 20 লাখ কোটি টকা আৰু ৰে’ল সেৱাৰ বাবে প্ৰায় 14 লাখ কোটি টকা বিনিয়োগ কৰা হৈছে ৷

আনহাতে 102 লাখ কোটি টকা দেশৰ আন্তঃগাঁথনিৰ বাবে বিনিয়োগ কৰাৰ ফলত 2025 চনত ভাৰতবৰ্ষক 5 ট্ৰিলিয়ন ডলাৰ অৰ্থনীতি হিচাপে থিয় হোৱাত সহায় কৰিব ৷

102 লাখ কোটি টকাৰ পাঁচ বছৰীয়া পৰিকল্পনা

ইয়াৰোপৰি বন্দৰ পৰিযোজনাৰ বাবে 1 লাখ কোটি টকা খৰচ কৰা হ’ব আৰু বিমানবন্দৰৰ বাবে 1.43 লাখ কোটি টকা খৰচ কৰা হ’ব ৷ নগৰীকৰণৰ বাবে 16.29 লাখ কোটি টকা তথা দূৰ সঞ্চাৰ মাধ্যমৰ বাবে 3.2 লাখ কোটি টকাৰ খৰচ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে ৷

102 লাখ কোটি টকাৰ পাঁচ বছৰীয়া পৰিকল্পনা

আনহাতে জলসিঞ্চন আৰু গ্ৰাম্য বিকাশৰ বাবে 7.7 লাখ কোটি টকাৰ খৰচ কৰা হ’ব ৷ উদ্যোগিক বিকাশৰ বাবে 3.7 লাখ কোটি টকা খৰচ কৰা হ’ব ৷ তেওঁ লগতে উল্লেখ কৰে যে ৰাষ্ট্ৰীয় পাইপলাইন পৰিযোজনাৰ ফলত লাখ লাখ নিযুক্তিৰ পয়োভৰ ঘটিব আৰু বহু ক্ষেত্ৰত নিবনুৱা সমস্যাৰ সমাধানৰ বাট মুকলি কৰিব ৷

আৰু পঢ়কঃস্তব্ধ হিমাচলৰ লাহোল স্পীতিৰ জনজীৱন, -30 ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা

ABOUT THE AUTHOR

...view details